লখিমপুৰ

পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়। শিক্ষাৰ্থীসকলৰ শৈক্ষিক উত্তৰণৰ সমানুপাতিকভাবে সুকুমাৰ কলা আৰু আনুসংগিকসহ শিক্ষাৰে পৈণত মানৱ সম্পদ সৃষ্টিত মনোনিবেশ কৰি অহা বিদ্যালয়খনৰ উদ্যোগত গ্ৰীষ্মকালীন শৈক্ষিক শিবিৰ অনুষ্ঠিত কৰা হৈছিল।

যোৱা ১৭ জুলাইৰ পৰা বিদ্যালয় প্রাংগনত অনুষ্ঠিত হোৱা ৫দিনীয়া এই গ্ৰীষ্মকালীন শিবিৰৰ শুকুৰবাৰে সফল সামৰণি পৰে। শিবিৰৰ সামৰণি কাৰ্যসূচীৰ সতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচী। বিদ্যালয়ৰ অধ্যক্ষা দুলুমনি শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা উপাধ্যক্ষ পুষ্প কুমাৰ দত্তই ।

কৰ্মশালাত প্ৰশিক্ষক ক্ৰমে বিজয় লক্ষ্মী বৰফুকন, সুস্মিতা কোঁৱৰ, বিদ্যালয়ৰ উপাধ্যক্ষা স্বৰ্ণ চেতিয়া, জ্যেষ্ঠ সহকাৰী বিষয় শিক্ষক হৰি প্ৰসাদ শৰ্মা, মুকুল গগৈ, মিলন চেতিয়াৰ লগতে বহু সংখ্যক অভিভাৱক, পৰিচালনা সমিতিৰ বিষয়ববীয়া, শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচী পৰিবেশনে উপস্থিতসকলক সন্মোহিত কৰে ।