লখিমপুৰ

ঢকুৱাখনাত "প্রশ্নকাকত প্ৰস্তুতকৰণ আৰু উত্তৰবহী মূল্যায়ন" শীর্ষক কর্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়(বি এড কলেজ)ৰ "আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ'ৰ উদ্যোগত প্রশ্নকাকত প্ৰস্তুতকৰণ আৰু উত্তৰ বহী মূল্যায়ন" শীর্ষক এখন মনোজ্ঞ কর্মশালা শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷

মহাবিদ্যালয় প্ৰেক্ষাগৃহত শনিবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা এই গুৰুত্বপূৰ্ণ কৰ্মশালাখনৰ আৰম্ভণিতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰশিক্ষক শিক্ষাৰ্থীসকলৰ নাম পঞ্জীয়ন কৰা হয়। মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰশিক্ষাৰ্থী লক্ষ্যজিৎ নাথে আঁতধৰা কৰ্মশালাখনৰ চচাইটি ফৰ বি এড কলেজ ঢকুৱাখনাৰ সভাপতি ভোলানাথ গগৈয়ে বন্তি প্রজ্বলন কৰে। পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাৰ আদৰণী ভাষণেৰে আৰম্ভ হ'য় কৰ্মশালাখন ৷

'আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষ'ৰ সমন্বয়ক সংগীতা শইকীয়াই কর্মশালাৰ সংক্ষিপ্ত মুখ্য বিৱৰণৰ সন্দৰ্ভত আলোকপাত কৰাৰ পাছতে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক ড. প্ৰবীন কুমাৰ গগৈযে ৷ প্ৰায় ৫ ঘণ্টা জোৰা এই কৰ্মশালাখনত সমলব্যক্তি ডঃ গগৈয়ে প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্ৰশিক্ষকসকলক উদ্দেশ্যে বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

ডিজিটেল মাধ্যমেৰে প্রশ্নকাকত প্ৰস্তুতকৰণ আৰু উত্তৰ বহী মূল্যায়ন সম্পৰ্কে বহুখিনি গুৰুত্বপূৰ্ণ আৰু গৱেষণালব্ধ বক্তব্যৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে  ৷ লখিমপুৰ জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিস্থান,(DIET) ৰ অধ্যক্ষ ড° পৰশ কুমাৰ ভাগৱতী, লখিমপুৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা সোনালী গগৈ কোঁৱৰ, বিহপুৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা ৰশ্মি বৰা, ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰে অংশগ্ৰহণ কৰে।

কৰ্মশালাখনিত ধেমাজি জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিস্থান (DIET), ধেমাজি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, লখিমপুৰ জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিস্থান (DIET), লখিমপুৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, বিহপুৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা নৰ্মাল স্কুল, ঢকুৱাখনা কাইজেন একাডেমি, ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ লগতে ঢকুৱাখনাৰ বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষক আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ মনোজ্ঞ কৰ্মশালাখনৰ শেষত মহাবিদ্যালয় প্ৰশিক্ষক মিনাক্ষী সেনাপতিয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে কৰ্মশালাত অংশ কৰা প্ৰশিক্ষক- প্ৰশিক্ষাৰ্থী সকলক উচ্চমান বিশিষ্ট একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।