লখিমপুৰ

ঢকুৱাখনাত গেৰুৱা নেতাৰ প্ৰহাৰত চিকিৎসালয়ত ভৰ্তি এজনঃথানাতেই হেৰাল গোচৰীয়াৰ এজাহাৰ!

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাত একাংশ গেৰুৱা নেতাৰ তাণ্ডৱ আৰু দৌৰাত্ম্য। ক্ষমতাৰ ৰাগীত মাতাল হৈ গেৰুৱা দলৰ এচাম কাণ্ডজ্ঞানহীন নেতাই জনজীৱন সন্ত্ৰস্তময় কৰি তোলাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ঢকুৱাখনা মণ্ডল বিজেপিৰ অন্তৰ্গত দীঘলা গাঁৱৰ ৩জন উদণ্ড গেৰুৱা নেতাৰ গুণ্ডাগিৰীৰ বলি হৈ জীৱন মৰণেৰে যুঁজি থাকিব লগা হৈছে এজন লোক।

ঘটনাৰ বিবৰণী অনুসৰি,২৮ আগষ্টৰ নিশা প্ৰায় ১০বজাত দীঘলা গাঁৱৰ প্ৰফুল্ল গোহাঁই  নামৰ লোকজন নিজ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা অৱস্থাত একে গাঁৱৰে ৩জন লোকে সামান্য কাৰণত ৬২ বছৰীয়া প্ৰফুল্ল গোহাঁইক নিৰ্মম ভাৱে প্ৰহাৰ কৰে।

প্ৰাঞ্জল বৰপাত্ৰ গোহাঁই, দুলু গগৈ আৰু মৃদুল গগৈ নামৰ ৩ উদণ্ডৰ উপৰ্যুপৰি প্ৰহাৰত লোকজনে প্ৰাণ বচাবলৈ চিঞৰাত পৰিয়ালৰ সদস্যই ঘটনাৰ ওমান পাই তেওঁক ঘৰলৈ নি চিকিৎসা সেৱা আগবঢ়ায়। ঘটনাৰ পাছদিনা মূৰ,সমগ্ৰ শৰীৰ আৰু বুকুত আঘাটপ্ৰাপ্ত ভুক্তভোগী গোহাঁয়ে ঢকুৱাখনা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰত ৩উদণ্ড আক্ৰমণকাৰীৰ নাম সন্নিবিষ্ট কৰি ন্যায় প্ৰাপ্তিৰ আশা কৰিছিল ভুক্তভোগীয়ে।

কিন্তু ৩অভিযুক্ত বিজেপিৰ বুথ সমিতিৰ সভাপতি আৰু নেতা হোৱাৰ লগতে গাঁওৰক্ষী বাহিনীৰ শীর্ষ পদবীধাৰী হোৱাৰ বাবেই আৰক্ষীয়ে তেওঁলোকক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। গোচৰীয়াই থানাত এজাহাৰ দি অহাৰ পাছতেই আৰক্ষী থানাৰ পৰাই ৰহস্যজনক ভাবে এজাহাৰখন অন্তৰ্ধান হয়। আৰক্ষী বিষয়াই এজাহাৰ লাভ নকৰাৰ অচিলালৈ গোচৰৰ তদন্ত নকৰি বহি থাকে। গোচৰীয়াৰ আত্মীয়ই এনে নির্লজ্জ পক্ষপাতী আচৰণ দেখি স্তম্ভিত হৈ পৰে।

ন্যায় বিচাৰি ঢকুৱাখনা আৰক্ষীৰ কাষ চপা লোকজনে ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰি পুনৰ এখন অনুৰূপ এজাহাৰ লিখি দাখিল কৰে। ইয়াৰ পাছতো কিন্তু তদন্তকাৰী আৰক্ষীয়ে উদণ্ড গেৰুৱা নেতা সকলৰ বিৰুদ্ধে সক্ৰিয় স্থিতি লবলৈ সাহস নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসী মহিলা সমাজে। সম্প্ৰতি জীৱন মৰণেৰে যুঁজ দি চিকিৎসালয়ত থকা লোকজনৰ প্ৰতি আৰক্ষীয়ে এনে অবিচাৰ কৰা বাবে দীঘলা গাঁৱৰ একাংশ ৰাইজ সোচ্চাৰ হৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ ওজাৰে।

এই ঘটনা গাপ দি জনদৃষ্টিলৈ নাহিবলৈ এটা শক্তিশালী গেৰুৱা চক্ৰ সক্ৰিয় হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে।জনহিতাৰ্থে নিৰপেক্ষ সেৱা আগবঢ়াবলৈ   পণ লোৱা অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত এনে পক্ষপাতী আচৰণ আৰু সোপাঢিলা ভূমিকা জানি শুনি দেখিও নিচ্ছুপ লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিহিৰজিত গায়ন।

এসোপামান অদক্ষ বিষয়াক মহকুমা সদৰৰ এখন গুৰুত্বপূৰ্ণ থানাত নিযুক্তি দি জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ পৰিৱৰ্তে সুদক্ষ নিকা ভাৱমূৰ্তিৰ বিষয়াক নিযুক্তিৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে। অন্যথাই অনাগত সময়ত অতিষ্ঠ ৰাইজে ৰাজহুৱা প্ৰতিবাদৰ সূত্ৰপাত হোৱাৰো সকীয়নী দিছে। অন্যহাতে আৰক্ষীৰ সূত্ৰই এই সন্দৰ্ভত এক গোচৰ পঞ্জিয়ন কৰি তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে।