লখিমপুৰ

মৃত্যুৰ ক্ষণ গণিছে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ে

চিকিৎসকবিহীন ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়। মুকবধিৰ বিধায়ক নৱ দলেৰ অকমন্যতাৰ ফল ভুগিছে ৰোগীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ স্বাস্থ্য ৰক্ষাৰ অধিকাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ। ঢকুৱাখনাবাসী নাগৰিকৰ এই মৌলিক অধিকাৰকলৈ হেতালি খেলিছে স্বাস্থ্য বিভাগে। সমান্তৰাল ভাবে অতি বেপৰোৱা ৰাজনীতি কৰিছে বিধায়ক নৱ দলেয়ে। বিপৰীতে এই সকলোবোৰ দেখি শুনি জানিও ৰং চাইছে লখিমপুৰ জিলা উপায়ুক্তই । যাৰ নিৰ্মম পৰিণতি ভোগী হামৰাও কাঢ়িছে হাজাৰ-বিজাৰ ৰোগাক্ৰান্তই।

লখিমপুৰ জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ আঁতৰত অৱস্থিত ঢকুৱাখনা মহকুমা সদৰ। এই মহকুমা সদৰত মহকুমাটোৰ ৰোগাক্ৰান্ত নাগৰিকক স্বাস্থ্য ৰক্ষাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লাখন। চিকিৎসালয়খনতে সংযুক্ত হৈ আছে এখন ফাৰ্ষ্ট ৰেফাৰেল ইউনিত, এখন সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। মুঠতে ৪খন চিকিৎসালয়ৰ সমাহাৰ ঘটা এইখন ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ লগতে অন্য চিকিৎসা বিষয়াই দপ দপাই থাকিব লাগিছিল।

সামান্য ৰোগৰ পৰা জটিল ৰোগলৈ, সাধাৰণ প্ৰসৱৰ পৰা ছিজাৰীয়ান প্ৰসৱলৈ সকলোৰে সু-চিকিৎসা ব্যৱস্থা এইখন চিকিৎসালয়ত উপলব্ধ হ'ব লাগিছিল। পিছে এয়া সম্ভৱ আৰু সহজলভ্য নহয় ঢকুৱাখনা মহকুমা চিভিল হাস্পতালখনত। কাৰণ এইখন গুৰুত্বপূৰ্ণ আৰু সদা ব্যস্ত চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক। ৪ খনকৈ গুৰুত্বপূৰ্ণ চিকিৎসালয় সংলগ্ন হৈ থকা এইখন একমাত্ৰ চিকিৎসালয়ত সোমবাৰে দিনত উপলব্ধ মাত্ৰ ৪ গৰাকী চিকিৎসক। ডাঃ ধনেশ্বৰ পেগু , ডাঃ বিপুল দাস, ডাঃ দুৰ্লভ কলিতা আৰু ডাঃ অভিনৱ ভূঞা (এক বছৰ)ৰ চিকিৎসা সেৱাৰ ওপৰতে কোনোমতে বৰ্তি আছে এইখন মৃত্যুমুখী গুৰুত্বপূৰ্ণ চিকিৎসালয়।

দৈনিক শ-শ ৰোগীৰ প্ৰয়োভৰ ঘটা এইখন চৰকাৰী চিকিৎসালয়ত নিযুক্ত এই নামমাত্ৰ ৪গৰাকী চিকিৎসকে অহৰ্নিশে নৈশ দায়িত্ব, বৰ্হি চিকিৎসা বিভাগ, জৰুৰী চিকিৎসা সেৱা পৰিচালনা কৰিব লাগে সপ্তাহটোৰ ৭ দিনেই। চিকিৎসক বিহীন চিকিৎসালয় হিচাবে মৃত্যুৰ ক্ষণ গণা এইখন মহকুমা সদৰৰ চৰকাৰী চিকিৎসালয়লৈ ৰোগী চিকিৎসাৰ বাবে আহিলে লাভ নকৰে এজনো বিশেষজ্ঞ চিকিৎসকৰ গুণগত চিকিৎসা সেৱা। যিকোনো ৰোগী আহিলেই প্ৰায়ে "ৰেফাৰ" কৰি দিয়া হয় অন্য চিকিৎসালয়লৈ । সাম্প্ৰতিক সময়ত "ৰেফাৰৰেল চিকিৎসালয়" হিচাবে পৰিচিত হোৱা মহকুমা অসামৰিক চিকিৎসালয়খনকলৈ এতিয়া মূৰ কামুৰণী হৈছে মহকুমাবাসীৰ।

নামত চিভিল হাস্পতাল হিচাবে থাকি বাস্তৱত বিপদৰ সময়ত চিকিৎসক বিচাৰি হাবাথুৰি খাব লগীয়া হোৱা এনে দুৰ্বিসহ পৰিস্থিতিৰ প্রায়ে সন্মুখীন হৈ আহে ৰোগী আৰু অভিভাৱকে। ইয়াৰোপৰি যথা সময়ত চিকিৎসক উপস্থিত নথকা, পৰ্য্যাপ্ত সা-সুবিধা উপলব্ধ নোহোৱা আদি অভিযোগ অতি পুৰণি। এক কথাত চৰকাৰী চিকিৎসা সেৱাৰ নামত চূড়ান্ত প্ৰসহন আৰু ভণ্ডামি অব্যাহত থকা এইখন চিকিৎসালয়ত প্ৰতিক্ষণে দৰিদ্ৰ ৰোগীয়া ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব হৈ আহিছে। অথচ সকলো জানি শুনি দেখিও মুক বধিৰৰ ভূমিকা পালি আহিছে বিধায়ক নৱ দলেয়ে।

গৃহভূমিবাসীৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি কোনো ৰাজনৈতিক শক্তি প্ৰয়োগ কৰিবলৈ আহৰি নোপোৱা এইজন বেপৰোৱা বিধায়কৰ দায়িত্বহীন ভূমিকাও ঢকুৱাখনাবাসীৰ মাজত এক ভয়ানক সমস্যা হিচাবে পৰিগণিত হৈছে। সমষ্টিবাসী সৰ্বসাধাৰণ ৰাইজে ঢুকি নোপোৱা স্তৰত ৰাইজৰ নাৰ্য প্ৰাপ্য অধিকাৰ সমূহ জনপ্ৰতিনিধিত্বৰ শক্তিৰে আজুৰি অনাৰ পৰিৱৰ্তে কুম্ভকৰ্ণ নিদ্ৰাত নিমগ্ন হোৱা বিধায়ক দলেৰ অবিবেচকী স্থিতিত অসন্তুষ্ট নাগৰিক। ইপিনে চিকিৎসালয়খনৰ এনে লাওলোৱা অৱস্থা সন্দৰ্ভত জ্ঞাত হোৱাৰ পাছতো ৰোগীৰ জীৱনক তুচ্ছ জ্ঞান কৰি জিলা সদৰত বহি ৰং চাইছে উপায়ুক্ত শোণিত সত্বাৱনে। উপায়ুক্ত গৰাকীয়ে ঢকুৱাখনাবাসীৰ প্ৰতি চূড়ান্ত অবিচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু পোহৰলৈ আহিছে এনে বহু তথ্য ।