লখিমপুৰ

এম এ চিৰ নতুন সীমাত অমিচিং গাঁও অন্তৰ্ভূক্তিৰ প্ৰতিবাদ

ঢকুৱাখনা সমষ্টি আৰক্ষণ মুক্ত দাবী সমিতিৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ভূমিপুত্ৰ অজনজাতীয় জাতি আৰু সম্প্ৰদায়ৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি প্ৰস্তাৱিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সীমাৰ ভিতৰত অমিচিং বসতি প্ৰধান গাঁও অন্তৰ্ভূক্তি কৰাৰ এক পৰিকল্পিত চক্ৰান্ত চলিছে । ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ গৰিষ্ঠ সংখ্যক অমিচিং অধ্যুষিত গাঁও অন্তৰ্ভূক্ত কৰি খিলঞ্জীয়া অন্য জাতি জনগোষ্ঠীৰ প্ৰতি এক ভয়ংকৰ চক্ৰান্ত ইতিমধ্যে আৰম্ভ হৈছে ।

এই ভয়ংকৰ চক্ৰান্ত মানি লোৱা নহয় । প্ৰয়োজন হ'লে ধাৰাবাহিক জংগী আৰু গণতান্ত্ৰিক সংগ্ৰামত নামিব প্ৰাপ্য অধিকাৰ বঞ্চিত অমিচিং ৰাইজ। ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ সকীয়নী এয়া । বৃহস্পতিবাৰে লখিমপুৰ জিলা আয়ুক্ত লাচিত দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই সকীয়নী দিয়ে সংগঠনটোৱে ।

দাবী সমিতিৰ সভাপতি বিশ্ব নাথ দত্ত, সম্পাদক চুছেন গগৈ , মুখ্য উপদেষ্টা গুণ ফুকন , উপদেষ্টা ভদ্ৰ গগৈ , সহকাৰী সম্পাদক গোবিন বৰুৱা, সদস্য বিনয় গোহাঁই আদিৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে জিলা আয়ুক্ত দাসক লগ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত ১৯৬২ চনৰ পৰাই সমষ্টিটোৰ অজনজাতীয় ৰাইজে জন প্ৰতিনিধিত্বৰ ৰাজনৈতিক অধিকাৰৰ পৰা চক্ৰান্ত মূলক ভাবে বঞ্চিত হৈ অহাৰ পৰৱৰ্তী সময়ত পুনৰ দাসত্ব সদৃশ অৱস্থাৰ বোজা গ্ৰহণ নকৰে বুলি সকীয়াই দি সমষ্টিটোৰ অমিচিং অধ্যুষিত এখন গাঁওৰ এক ফুট মাটিও পৰিষদৰ সীমাৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে।

সমষ্টিটোৰ কদম ,সোৱণশিৰী আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ  বহু সংখ্যক গাঁও  পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া সম্পন্ন কৰাত তীব্ৰ আপত্তি দৰ্শাই তৎকালে এনে অমিচিং বসতি প্ৰধান গাঁও প্ৰস্তাৱিত সীমাৰ পৰা কৰ্তন নকৰিলে অনাগত সময়ত সুৰক্ষিত ভৌগলিক অস্তিত্ব বিচাৰি প্ৰবল গণ সংগ্ৰামৰ সূত্ৰপাত হোৱাৰ আশঙ্কা ব্যক্ত কৰাৰ ইংগিত দিয়ে । স্মাৰক পত্ৰত উক্ত আসোঁৱাহপূৰ্ণ গাঁও অন্তৰ্ভুক্তকৰণ প্ৰক্ৰিয়া আৰু তালিকা বাতিল কৰি এখন শুদ্ধ গাঁও তালিকা প্ৰস্তুত কৰাৰ দাবী জনায়।

স্মৰ্তব্য যে ঢকুৱাখনা সমষ্টিৰ প্ৰায় ৩০ খন অমিচিং অধ্যুষিত গাঁও  পৰিষদৰ এলেকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰি তৎকালে এই সমূহ গাঁৱৰ নাম কৰ্তনৰ দাবী জনায় । তাৰোপৰি ঢকুৱাখনা মহকুমাৰ  সোনাৰী চাপৰিত এচাম উদণ্ড মতলবী ব্যক্তিয়ে অমিচিং ৰাইজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সদৰ অঞ্চলত এই স্পৰ্শকাতৰ বিষয়টো লৈ ভয় ভাবুকি দিয়া, সামাজিক অশান্তি বিয়পোৱা , এচাম শাসক দলৰ মতলবী কৰ্মীয়ে এনে অশুভ চক্ৰক উৎসাহিত কৰা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰি আৰক্ষী  আৰু অসামৰিক প্ৰশাসন কঠোৰ হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।