লখিমপুৰ

বিহু নহয়, জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হ'ল ফাটবিহুৰ শোভাযাত্ৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ চহাপ্ৰাণ ৰাইজৰ প্ৰাণস্পন্দন ফাটবিহু। আধুনিকতাৰ কৰাল গ্ৰাসৰ পৰা নিলগাই সমন্বয় ভাতৃত্ববোধৰ বাণী বিলাই শতিকা জুৰি  উদযাপিত হৈ আহিছে বৰ্ণিল লোক উৎসৱ ফাটবিহু। ঢকুৱাখনাবাসীৰ স্বতঃস্ফূৰ্ত আতিথ্যত উদযাপিত হৈ অহা এইবেলিৰ ফাটবিহু দেওবাৰে সফল পৰিসমাপ্তি ঘটে।

ভিন্ন জাতি জনগোষ্ঠীৰ অপূৰ্ব সমাহাৰ ঘটা এইবাৰৰ ফাটবিহুৰ অন্যতম আকৰ্ষণ আছিল বৰ অসমৰ ভিন্ন জাতি জনগোষ্ঠীৰ সমন্বিতে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শুভাযাত্ৰা। অভিনেত্ৰী প্ৰীতি কংকনাই শুভ উদ্বোধন কৰা এই সাংস্কৃতিক শুভাযাত্ৰাই এইবাৰ বিহুপ্ৰেমী ৰাইজক আকৰ্ষণ কৰাৰ পৰিৱৰ্তে বিকর্ষণহে কৰা পৰিলক্ষিত হ'ল।

প্ৰধানকৈ লোকসংস্কৃতি, লোকসম্পদ আৰু চহা প্ৰাণ ৰাইজৰ প্ৰাত্যহিক জীৱন চৰ্যাৰ মূৰ্ত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে এইবাৰ এক দৃষ্টিকটুভাৱে ফাটবিহুৰ সমদলত উচ্চাৰিত হ'ল জয় শ্ৰী ৰাম ধ্বনি। সমদলত একাংশ হিন্দীভাষীযে অংশগ্ৰহণ কৰি হাতে হাতে ধৰ্মীয় পতাকা লৈ উচ্চ স্বৰত চিঞৰি চিঞৰি ধ্বনি দিলে জয় শ্ৰী ৰামৰ।

ফাটবিহুৰ সাংস্কৃতিক শোভাযাত্ৰাৰ অপূৰ্ব মাদকতাত কলিমা সানি সংযোগ কৰা এই দৃষ্টিকটু দৃশ্যপটত স্তম্ভিত লোকসংস্কৃতি প্ৰেমী। কি কাৰণত কাৰ প্ৰৰোচনাত জয় শ্ৰী ৰামৰ ধ্বনিৰে ফাটবিহুৰ মৰ্যদা হানি কৰিলে সেয়া ৰহস্যৰ আৱৰ্ত্তত। কিন্তু প্ৰতিগৰাকী দৰ্শকৰ মন মগজুত এই গৰিহণা যোগ্য কাণ্ডই প্ৰবল ৰেখাপাত কৰি গ'ল।

এইক্ষেত্ৰত ফাটবিহু উদযাপন সমিতি আৰু শোভাযাত্ৰা উপ সমিতিৰ অবিবেচকী স্থিতিক লোক সংস্কৃতিপ্ৰেমী দৰ্শক ৰাইজে জগৰীয়া কৰিছে। ফাটবিহুৰ স্বকীয় গৰিমা লাঘৱ কৰা বুলি সৰ্বত্ৰ চর্চা চলিছে। দ্বিতীয় বাৰ ফাটবিহুক বিতৰ্কিত কৰি তোলা এই ঘটনা ক্ৰমে জগতসভা মুখীতাৰ পথত যে অনাহুত প্ৰতিবন্ধতাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত ।