লখিমপুৰ

ঢকুৱাখনাত ভুৱা চিকিৎসকৰ কাণ্ডঃপেটৰ সমস্যাত খাবলৈ দিলে খজুৱতিৰ দৰব

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বৰগছ বিহীন এলেকাত এৰা গছেই বৰগছ।পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসকবিহীন ঢকুৱাখনাত এই আপ্ত বাক্য শাৰীৰ হাতে কামে  প্ৰমাণ কৰি দেখুৱালে এগৰাকী স্বয়ম্ভূ চিকিৎসকে।

ঢকুৱাখনাত আজৱ ঘটনা। এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ ৰূপত আশাকৰ্মীয়ে সেৱা আগবঢ়াই আছে ঢকুৱাখানাৰ এটা স্বাস্থ্য উপ কেন্দ্ৰত। তেওঁৰ নাম পুণ্যদা বৰগোঁহাই । ঢকুৱাখনা  স্বাস্থ্যখণ্ডৰ অন্তৰ্গত ভকতীয়াহোলা স্বাস্থ্য উপ কেন্দ্ৰৰ অন্তৰ্গত এইগৰাকী স্বয়ম্ভূ চিকিৎসকে এগৰাকী ৰোগীক দৰব প্ৰদানৰ নামত সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। ভকতীয়াহোলা গাঁওৰ মহিলা নিতুমনি সন্দিকৈয়ে নিজৰ লগতে সন্তানৰ পেটৰ সমস্যাৰ বাবে উপস্থিত হৈছিল এই স্বাস্থ্য উপ কেন্দ্ৰটোত ।

সেইসময়ত স্বাস্থ্য কেন্দ্ৰটোত নিযুক্ত স্বাস্থ্য কৰ্মী  এম পি ডব্লিউ  ইন্দিবৰ কোঁৱৰ আৰু এ এন এম সুমিত্ৰা দাসৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগীগৰাকীক পেটৰ সমস্যাৰ সলনি খাবলৈ দিয়া হ'ল বিষাক্ত খজুৱতিৰ দৰব। চৰকাৰী চিকিৎসালয়ৰ পৰা দৰব নি ৰোগীয়ে খোৱাৰ পাছতে ৰোগীৰ দেহত আৰম্ভ হ'ল ভয়ানক পাৰ্শ্বক্ৰিয়া। ৰোগীৰ অৱস্থা জটিল হোৱাৰ পাছত ঢকুৱাখনাৰ এজন চিকিৎসকৰ কাষ চপাৰ পাছত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে ।

চৰকাৰী স্বাস্থ্য কেন্দ্ৰত দৰিদ্ৰ ৰোগীৰ জীৱনকলৈ স্বাস্থ্য কৰ্মী আৰু স্বয়ম্ভূ চিকিৎসকৰূপী আশা কৰ্মীয়ে খেলা ভয়ংকৰ  হেতালি পোহৰলৈ আহে। এই ঘটনাই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলা ছবিখন উদঙাই দিয়াৰ লগতে অঞ্চলবাসী অনাকাঙ্খিতাত ভুগিছে। গঞা নিৰক্ষৰ দৰিদ্ৰৰ জীৱনক লৈ নির্লজ হেতালি খেলা এই সকল কাণ্ডজ্ঞানহীন স্বাস্থ্যকৰ্মীৰ ওপৰত স্বাস্থ্য বিভাগে কি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।