লখিমপুৰ

খেৰকটা অঞ্চলৰ মদাৰগুৰিবাসীৰ বিননি শুনিব কোনে?

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: গেৰুৱা চৰকাৰৰ উন্নয়ন বিকাশৰ পৰশ নপৰা এখন গাঁও। ঢকুৱাখনা বিধানসভাৰ সমষ্টিৰ এই গাঁওখনৰ নাম মদাৰগুৰি। ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত এইখন গাঁৱৰ গঞাই এটা পথৰ বাবে হাহাকাৰ কৰি দিন পাৰ কৰিছে। মদাৰগুৰি আৰু উজনি মদাৰগুৰি গাঁও সংযোগী এটা সুচল পথৰ মুখ দেখা নাই এইখন বৃহৎ গাঁৱৰ ৰাইজে।

চিচি টেকেলিফুটা মথাউৰিৰ পৰা এইখন গাঁওলৈ যাবলৈ বাৰিষা কালত একাঠু পানী ফালি যাব লাগে। বিধায়ক নৱ দলেৰ তথাকথিত আধুনিক ঢকুৱাখনাৰ পথ উন্নয়ন  আঁচনিযে ঢুকি নোপোৱা এইখন গাওঁৰ বাসিন্দাৰ এটা সুচল পথ  নথকাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিয়া, অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা আদি জৰুৰী কামত ৰাইজ অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে।

পথৰ দুৰৱস্থাৰ বাবেই চিকিৎসা ১০৮ সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে। বাৰিষাৰ সময় চোৱা মথাউৰিৰ ওপৰতে যানবাহন ৰাখি পানী ভাঙি ঘৰলৈ যাব লাগে স্থানীয় ৰাইজ। বছৰ বছৰ ধৰি এনে সীমাহীন যন্ত্ৰণাত ভোগী অহা শ শ পৰিয়ালৰ প্ৰতি দায়িত্বহীন ভূমিকা পালি আহিছে স্থানীয় বিধায়কে। শীঘ্ৰে এটা সুচল পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ, প্ৰশাসনক ভুক্তভোগী স্থানীয় ৰাইজে দাবী জনাইছে।

উল্লেখযোগ্য যে এইখন গাঁৱলৈ যাবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এটা কৃষি বান্ধ আৰু পথৰ নিৰ্মাণ কৰিবলৈ বহু বছৰ পূৰ্বে ধনৰ আবন্টন দিছিল। পিছে এটা দুৰ্নীতিগ্ৰস্ত চক্ৰই নূন্যতম কাম কৰি সমূদাই পুঁজি গৰ্ভস্থ কৰাত আজি সীমাহীন দুৰ্ভোগ ভোগী আহিছে শ শ গঞা পৰিয়ালে ।