লখিমপুৰ

ব্যৱসায়ীৰ উচ্ছেদিত সামগ্ৰীৰে ক'লা বেহা ঢকুৱাখনা পৌৰসভাৰ !

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : এখন নিকৃষ্ট বেহা । ঢকুৱাখনা পৌৰ সভাৰ পৃষ্ঠপোষকতাত  বহিছে এই ঘৃণ্য অৰ্থোপার্জনৰ  ক'লা বেহা ।  ঢকুৱাখনা পৌৰ এলেকাৰ  নগৰাঞ্চলত দাম্ভিকতা প্ৰদৰ্শন কৰি উচ্ছেদ অভিযান চলোৱা ঢকুৱাখনা পৌৰ সভাৰ নিকৃষ্ট চৰিত্ৰ উন্মোচিত কৰিছে এই বেহাই ।

প্ৰাপ্ত তথ্য মতে, ঢকুৱাখনা নগৰ এলেকাত দৰিদ্ৰ, খাটি খোৱা তথা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক উচ্ছেদ অভিযান চলাই  তেওঁলোকৰ গাঁঠিৰ ধনেৰে নিৰ্মিত অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি তহিলং কৰিছিল কাৰ্যবাহী বিষয়া নয়ন নাথৰ নিৰ্দেশনাত ।  আকস্মিকভাৱে পৌৰ প্ৰশাসনৰ এনে উচ্ছেদ অভিযান দেখি  অস্থায়ী দোকান পোহাৰ লৈ উধাও হোৱা  ক্ষুদ্ৰ ক্ষুদ্ৰ থলুৱা ব্যৱসায়ীসকলক খেদি খেদি চোৰ ডকাইতৰ দৰে ধৰি "এস্কেভেটৰ" লগাই ভাঙি বীৰত্ব প্ৰকাশ কৰা এই নিৰ্মম অত্যাচাৰৰ বিপৰীতে পোহৰলৈ আহিছে অন্য এক নির্লজ কাণ্ড।

অনুসন্ধান কালত ফাদিল হৈছে পৌৰ সভাৰ দ্বাৰা উচ্ছেদিত দোকান চোৰাং বিক্রীৰে মুনাফা অর্জনৰ এক ক'লা পৃষ্ঠা । সংগৃহীত তথ্য মতে ঢকুৱাখনা নগৰৰ সংগীত মহাবিদ্যালয়ৰ সম্মুখৰ ৰাজপথৰ দাঁতিত  দীৰ্ঘদিন ধৰি ব্যৱহাৰ নকৰাকৈ ৰাখি থৈছিল এখন "ফাষ্টফুড"ৰ দোকান। 

নগৰখনত চলোৱা উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে এইখন অব্যৱহৃত অস্থায়ী দোকানতো চকু পৰিল পৌৰ সভাৰ। ফলশ্ৰুতিত ৪নং ৱাৰ্ডৰ ঘাহি গাঁওৰ ৰাহুল মাধৱ তামুলীৰ দোকানখন অৰ্ধ ভাঙি উঠাই নিলে উক্ত স্থানৰ পৰা পৌৰ কৰ্মীয়ে ।

এইখিনিলৈকে ঠিকেই আছিল । পৰৱৰ্তী সময়ত এইখন দোকানলৈ লুলোপ দৃষ্টি পৰিল পৌৰ সভাৰ । অৰ্থলোভী পৌৰসভাখনৰ একাংশ কৰ্মীয়ে দোকানখন সংগোপনে বিক্ৰীৰ পাং পাতি প্ৰেৰণ কৰিলে নগৰৰ এটা কাৱাৰী কেন্দ্ৰলৈ ।

ৰাহুল মাধৱ তামূলীয়ে প্ৰায় ৩০ হাজাৰ টকা ব্যয়ৰে নিৰ্মিত দোকানখন পৌৰ সভাৰ জৰিয়তে  কেন্দ্ৰটোত গোপনে বিক্ৰী কৰি কুক্ষীগত কৰিলে সমস্ত পুঁজি। অনুসন্ধান কালত কাৱাৰী কেন্দ্ৰটোৰ কৰ্মচাৰী গৰাকীয়ে পৌৰ সভাৰ কৰ্মীযে মধ্যস্থতাকাৰী ম'হঘুলি চাপৰিৰ এজন তমতম চালকৰ জৰিয়তে  দোকানখন বিক্ৰী কৰা বুলি প্রকাশ্যে স্বীকাৰ কৰে ।

অনুসন্ধান কালত কেন্দ্ৰটোত লো আৰু টিনেৰে নিৰ্মিত দোকানখন কাটি ছিঙি টুকুৰা টুকুৰ কৰি ৰখা দৃষ্টিগোচৰ হ'ল আৰু কেন্দ্ৰটোৰ কৰ্তৃপক্ষই দোকানৰ গৰাকীক এই অৱশিষ্ট অংশ প্রদর্শন কৰে বুলি জানিবলৈ দিয়ে । দোকানৰ স্বত্বাধিকাৰীগৰাকীয়ে দোকানত লগাই ৰখা তলা আৰু অন্য অংশ প্ৰত্যক্ষ কৰি নিশ্চিত হয় ।

উল্লেখযোগ্য যে উচ্ছেদ অভিযানৰ পাছদিনা দুৰ্ভগীয়া ব্যৱসায়ী তামূলীয়ে কাৰ্যবাহী বিষয়াগৰাকীক দোকানখনৰ অৱস্থিতি সন্দৰ্ভত প্ৰশ্ন কৰাত নাথে বলাই ঘাটস্থিত দাম্পিং গ্ৰাউন্ডত পেলাই দিয়া বুলি জনাইছিল । কিন্তু উক্ত গ্ৰাউণ্ডত দোকানখনৰ কোনো অস্তিত্ব আৰু চিহ্ন দেখা নাপালে তামূলীয়ে ।

কিন্তু পৰৱৰ্ত্তী সময়ত দোকানখন উদ্ধাৰ হ'ল এজন ভগা চিগা সামগ্ৰী ব্যৱসায়ীৰ গৃহত । এতিয়া প্ৰশ্ন হ'ল - এইগৰাকী বিষয়াই মিথ্যাচাৰৰ আশ্ৰয় ল'লে নেকি দোকানখনৰ সন্দৰ্ভত ?

খাটিখোৱা দৰিদ্ৰ থলুৱা ব্যৱসায়ী বিৰোধী ময়মতালি স্থিতি লৈ ঢকুৱাখনা নগৰত ক্ষুদ্ৰ বেপাৰী ধ্বংসকাৰী ভূমিকা লোৱা কাৰ্যবাহী বিষয়াগৰাকীয়ে এইখন দোকান ক'লা বজাৰত চোৰাংকৈ বিক্ৰী কৰিবলৈ পৌৰ কৰ্মীক নিৰ্দেশ দিছিল নেকি? কাৰ নিৰ্দেশত উচ্ছেদিত মূল্যবান দোকান বিক্ৰী হ'ল কাৱাৰী কেন্দ্ৰত ?

দৰিদ্ৰ ব্যৱসায়ী গৰাকীৰ সপোনৰ দোকানখনলৈ লুলোপ দৃষ্টি দিয়া অৰ্থলোভী পৌৰ সভাই কিহৰ খকত চোৰাংকৈ বিক্ৰী কৰিলে ? ঢকুৱাখনা পৌৰ সভাৰ নিৰ্বাচিত পাৰিষদৰ সিদ্ধান্ত লোৱা হৈছিল নে এই উচ্ছেদ অভিযানত ?

একাংশ থলুৱাৰ ওপৰত চলোৱা এনে অমানৱীয় পদক্ষেপত বিধায়ক নৱ দলেয়ে কিয় গ্ৰহণ কৰিছে মৌন স্থিতি ? এনে সীমাহীন প্ৰশ্নই জুমুৰী দি ধৰিছে সৰ্বশ্ৰান্ত ক্ষুদ্ৰ ব্যৱসায়ী সকলক। হাটে বজাৰে ব্যাপক চর্চা চলিছে এই কাণ্ডকলৈ । এইক্ষেত্ৰত নিমাত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিগৰাকীও ।