লখিমপুৰ

ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থী সন্মিলন

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ জীৱন-জীৱিকা আৰু প্ৰাত্যহিক ব্যস্ততাকো নিলগাই সমবেত এজাক মহিলা। বিদ্যালয়খনিক উভতি চোৱাৰ দুৰ্বাৰ হেঁপাহ এই মহিলাসকলৰ। অতীতক উভতাই অনাৰ অলীক কল্পনাত বিভোৰ মহিলাসকল। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰাক্তন ছাত্ৰীসকল আহি ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ দেওবাৰে বিদ্যালয় চৌহদত গছপুলি ৰোপণ,চৌহদ নিকা কৰি প্ৰাক্তন ছাত্ৰী সন্মিলনৰ কাৰ্যসূচী আৰম্ভ কৰে।

১৯৭৯ চনত বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা এইসকল প্ৰাক্তন ছাত্ৰীৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা প্ৰাক্তন ছাত্ৰী সন্মিলনৰ প্ৰথম কাৰ্যসূচীৰ পাছতেই বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাগুৰু দিব্য সন্দিকৈ,চাৰু চন্দ্ৰ চুতীয়া,চক্ৰধৰ বৰগোহাঁই,স্বৰ্ণ গোঁহাই,জগদীশ গগৈ,ভোগৰাম কোচ,সতীৰ্থ বান্ধৱী ৰঞ্জনা কোঁৱৰ,ৰীনা গগৈ,প্ৰণতী বৰগোঁহাই,অনিমা দেৱীৰ সশ্ৰদ্ধ স্মৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত বিদ্যালয় প্ৰেক্ষাগৃহত সতীৰ্থ সন্মিলনৰ মূল কাৰ্যসূচী অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

সন্মিলনৰ আয়োজক নিবেদিতা লাগাচুৱে আঁত ধৰা এই অন্তৰংগ আলাপ অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ বৰা আৰু প্ৰফুল্ল চুতীয়া, প্ৰাক্তন শিক্ষক ৰমেন ফুকন,বৰ্তমানৰ প্ৰধান শিক্ষক পৰমা গগৈ,শিক্ষয়ত্ৰী ছাঁয়া মনি গোঁহাই,শিক্ষক মহেশ বৰা আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অন্তৰংগ আলাপ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন ছাত্ৰী ক্ৰমে জিনু গগৈ,ৰত্নেশ্বৰী বৰুৱা,ক্ষীৰ গগৈ,অৰুণা বৰগোহাঞি,জয়শ্ৰী গগৈ,নিবেদিতা লাগাছু, লাবন্য সূত,নবনীতা গগৈ,লক্ষী দত্ত,নীলিমা বৰুৱা,ইৰাণী হাজৰিকা আদি বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰীয়ে অতীত ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।একালৰ ছাত্ৰীসকলৰ গীত-নৃত্যৰে উদ্ভাসিত হৈ পৰা সন্মিলনত উপস্থিত প্ৰাক্তন ছাত্ৰীসকলক সংগৃহীত পুঁজিৰে বিদ্যালয় গ্ৰন্থাগাৰলৈ এটা আলমিৰা উপহাৰ দিয়ে বিদ্যালয় কৰ্তৃপক্ষক। তাৰোপৰি প্ৰাক্তন ছাত্ৰী,বিশিষ্টা লেখিকা নিবেদিতা লাগাচুৱে বিদ্যালয় গ্ৰন্থাগাৰলৈ ৫০ খন মূল্যবান গ্ৰন্থ দান কৰে।