লখিমপুৰ

ল'ৰাটোৰ জীৱন অন্ধকাৰ নকৰিবঃ আৰক্ষী সঞ্চালক প্ৰধানলৈ সুনীল গগৈৰ পত্নীৰ আবেদন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ লোমহৰ্ষক জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ সময়তে কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়নৰত সুনীল গগৈৰ পুত্র সৌৰভ গগৈয়ে ৭৫শতাংশ নম্বৰ লাভ কৰি বিচিএ পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষলৈ উত্তীৰ্ণ হৈছে। সেয়ে পাঠ্যক্ৰমত নতুনকৈ নামভৰ্তি কৰা সৌৰভ গগৈক শিক্ষা লাভৰ বাবে নিজ শিক্ষানুষ্ঠানলৈ যোৱাৰ অনুমতি বিচাৰিছে মাতৃ পুষ্পা গগৈয়ে।

সোমবাৰে দুপৰীয়া পুষ্পা গগৈয়ে অনুমতি বিচৰা পত্ৰ ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধানলৈও প্ৰেৰণ কৰিছে। পুত্ৰ সৌৰভ গগৈয়ে পৰৱৰ্তী সময়ত পূৰ্বৰ দৰেই আৰক্ষীৰ তদন্তত সহযোগিতা কৰি যোৱাৰ নিশ্চয়তা প্ৰদান কৰি মাতৃ গগৈয়ে বিদ্যায়তনিক চর্চা অব্যাহত ৰখাৰ বাবেই বিশ্ববিদ্যালয়লৈ যোৱাৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

পুত্ৰৰ হৈ মাতৃ গগৈয়ে আবেদন পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰ,চি আই ডিৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা, লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আদিলৈকো প্ৰেৰণ কৰিছে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ বিশেষ হস্তক্ষেপ কামনা কৰিছে পুত্ৰৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত।