লখিমপুৰ

ইণ্ডো-নেপাল টি-২০ ফ্রেণ্ডশ্বিপ কাপত ভাৰতক প্ৰতিনিধিত্ব কৰিব ঢকুৱাখনাৰ পৰীক্ষিতে

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : পখিলা খেদাৰ বয়সত হাতত কাঠ-বাঁহৰ বেট আৰু টেঙাৰ বল লৈ ক্ৰিকেট খেলি সময় কটাইছিল এটি কিশোৰে। কিবা এটা ব্যতিক্ৰমী কৰাৰ দুৰ্বাৰ হেঁপাহ পুহি ৰখা অদম্য কৰ্মস্পৃহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কিশোৰটোৱে ।

খাটিখোৱা পিতৃ-মাতৃ কিম্বা আত্মীয়ই কোনোদিনে হকা বাধা দিয়া নাছিল কিশোৰটিক । ৰ'দ-বৰষুণ কাটি কৰি নিজৰ ইস্পিত লক্ষ্য কুক্ষীগত কৰিবলৈ সীমিত সুবিধাৰে ব্ৰতী হোৱা এই কিশোৰটোৱে পৰিশেষত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল ।

নিজৰ আত্মোৎস্বৰ্গী মনোভাবৰ বাবে লক্ষ্য প্ৰাপ্তি সম্ভৱ কৰি তোলা কিশোৰটিৰ নাম পৰীক্ষিত চুতীয়া। ঢকুৱাখনা মহকুমাৰ কেঁকুৰী গাঁও পঞ্চায়তৰ ন-কৰৈগুৰি গাঁৱৰ প্ৰবীণ চুতীয়াৰ নাতি প্ৰেম কুমাৰ চুতীয়া আৰু নিৰ্মালি পেগু চুতীয়াৰ একমাত্ৰ পুত্ৰ পৰীক্ষিত চুতীয়া(১৬)ই তৃতীয় সংখ্যক ইণ্ডো নেপাল টি-২০ ফ্রেণ্ডশ্বিপ কাপ-২০২৩-২০২৪ৰ 'বি' টিমত খেলাৰ বাবে নিৰ্বাচিত হৈছে ।

ইণ্ডিয়া টি ২০ ক্ৰিকেট এচ'ছিয়েচনৰ তৰফৰ পৰা ঘোষণা কৰা এই নিৰ্বাচিত তালিকাত ঢকুৱাখনাৰ ন কৰৈগুৰি গাঁওৰ পৰীক্ষিত চুতীয়াৰ নাম সন্নিবিষ্ট হোৱাত জন্মভূমিত উল্লাসৰ সীমা নোহোৱা হৈছে। ন কৰৈগুৰি অঞ্চলৰ ২নং ন কৰৈগুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সুনিপুণ ক্ৰিকেটাৰ পৰীক্ষিতে পৰৱৰ্তী সময়ত মেঘালয়ৰ খানাপাৰাৰ লিটিল ষ্টাৰ চিনিয়ৰ চেকেণ্ডাৰী হাইস্কুলত নামভৰ্তি কৰে।

পেছাত গাড়ী চালক পিতৃ প্ৰেম কুমাৰ চুতীয়া আৰু মাতৃ নিৰ্মালি পেগু চুতীয়াৰ সৈতে পৰৱৰ্তী সময়ত গুৱাহাটীলৈ গৈ খানাপাৰাৰ ভগৱতপুৰ সেৱা আশ্ৰম দেৱ নগৰৰ স্থায়ী বাসিন্দা হয় । তাতেই পৰীক্ষিতে শিক্ষা জীৱন পুনৰাম্ভ কৰিছিল।

সম্প্ৰতি মেঘালয়ৰ লিটিল ষ্টাৰ চিনিয়ৰ চেকেণ্ডাৰী হাইস্কুলত দশম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী উদীয়মান ক্ৰিকেটাৰে চলাই যোৱা নিৰন্তৰ প্ৰণালীৱদ্ধ অনুশীলন আৰু প্ৰচেষ্টাৰ বাবে ইস্পিত ফল আজুৰি আনিবলৈ সক্ষম হৈছে । বিদ্যালয় তথা পৰিয়ালৰ লগতে পিতৃ-মাতৃ আৰু প্ৰশিক্ষকসকলৰ প্ৰেৰণাৰে আগুৱাই যোৱাৰ দুৰ্বাৰ সংগ্ৰামত ব্ৰতী হোৱা পৰীক্ষিতে ভাৰতীয় দলত স্থান পোৱাৰ খবৰে আনন্দৰ বন্যা বোৱাইছে গৃহভূমি ঢকুৱাখনাৰ ন কৰৈগুৰি গাঁৱত।

পৰীক্ষিতৰ ককা-আইতাক ,বৰদেউতাৰ ,বৰমাককে প্ৰমুখ্য কৰি গাঁৱৰ সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে- উদীয়মান ক্ৰিকেটাৰজনৰ লক্ষ্য প্ৰাপ্তিত সফল হওঁক । স্মৰ্তব্য যে এছিয়া কাপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে অহা ৯ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ নেপালত অনুষ্ঠিত হ'ব লগা ১৭ বছৰ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলক উপ অধিনায়ক হিচাপে প্ৰতিনিধিত্ব কৰিব।

ঢকুৱাখনাৰ ক্ৰীড়া ক্ষেত্ৰখনকে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰখনক সমুজ্জল কৰি তোলা পৰীক্ষিতৰ এই সফল ক্ৰীড়া যাত্ৰাৰ বাবে সমগ্ৰ ঢকুৱাখনাবাসীয়ে জনাইছে অযুত শুভকামনা ।