লখিমপুৰ

ঢকুৱাখনা ব্লক কংগ্ৰেছত সভাপতি-সম্পাদকৰ দৌৰাত্ম্য : ধনৰ বিনিময়ত পদবী বিক্ৰীৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিত সভাপতি সম্পাদকৰ দৌৰাত্ম্য চলিছে।  কেৱল ধনৰ লোভত পৰি সভাপতি তৰুণ চেতিয়া আৰু সাধাৰণ সম্পাদক  শৰৎ পাতিৰে মণ্ডল সভাপতিৰ ভঙা পতাৰ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে। ধনৰ বিমিময়ত দলৰ পদবী বিক্ৰীৰ দৰে দুষ্কাৰ্যত লিপ্ত হৈছে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদক।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অন্তৰ্গত ঢকুৱাখনা ব্লক সমিতিখনৰ এই দুই মতলবী নেতাৰ স্বেচ্ছাচাৰীৰাজত জিলা কংগ্ৰেছ সমিতি আৰু প্ৰদেশ কংগ্ৰেছ সমিতিয়ে লেকাম নলগালে অনাগত সময়ত দলটোৱে জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। এই সকীয়নীপূৰ্ণ অভিযোগ ঢকুৱাখনা ব্লক কংগ্ৰেছৰ অন্তৰ্গত মাতমৰা মণ্ডল কংগ্ৰেছ সমিতিৰ।

সোমবাৰে বিয়লি মাতমৰা মণ্ডল কংগ্ৰেছ সমিতিৰ সভাপতি টেনিছন পেগু , সম্পাদক অজিত কুমাৰ গগৈ, উপসভাপতি গোলাপ পেগু, দেবানন্দ দলে, বিশ্বনাথ পেগু, ৰাজু কুমাৰ পেগু, সম্পাদক লম্বিত কুমাৰ দলে, যাদৱ দলে, পদ্মেশ্বৰ দলে, হেমন্ত পেগু, নৰকান্ত পেগু আদি বহু সংখ্যক বিষয় ববিয়াই মাতমৰাত এক বৈঠক অনুষ্ঠিত কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

দলীয় নিষ্ঠাবান নেতৃবৰ্গই অভিযোগ কৰা মতে এই দুই স্বাৰ্থপৰ নেতাই অত্যন্ত চক্ৰান্তমূলক আৰু  স্বজন তোষণৰ ভিত্তিত যোৱা ৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগণ চন্দ্ৰ বৰাই মাতমৰা মণ্ডলৰ সভাপতি হিচাবে টেনিছন পেগুক দিয়া নিযুক্তি পদপিষ্ট কৰি কোনো কাৰণ নথকাকৈ সভাপতি গৰাকীক পদৰ পৰা অপসাৰণ কৰিছে । বিগত প্ৰায় ২৬ বছৰ ধৰি নিৰন্তৰ আৰু সক্ৰিয় ভাবে কংগ্ৰেছ কৰি অহা এইগৰাকী জনপ্ৰিয় মণ্ডল সভাপতিক ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি আৰু সম্পাদক দুগৰাকীযে মন্ত্ৰনা কৰি ১৮ নৱেম্বৰত অপসাৰণ কৰা নীতি বৰ্হিভূত কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে মণ্ডল কংগ্ৰেছৰ নেতা কৰ্মীসকল।

কোনো সুনিৰ্দিষ্ট কাৰণ নথকাকৈ দলৰ নিষ্ঠাবান  কৰ্মী পেগুক সভাপতি পদৰ পৰা অপসাৰণ কৰি মণ্ডলটোৰ পৰিসীমাৰ বাহিৰৰ পূব ঢকুৱাখনা পঞ্চায়তৰ ভোমা চুতীয়া কলাবাৰী গাঁওৰ পবিত্ৰ দলেক নিযুক্তি দিযাৰ তীব্ৰ বিৰোধিতা কৰিছে সমিতিয়ে । মাতমৰা মণ্ডলৰ দলীয় কৰ্মীৰ সতে কোনো সু সম্পৰ্ক আৰু পৰিচিতি নথকা মণ্ডলৰ বাহিৰৰ পবিত্ৰ দলেক নীতি বৰ্হিভূত ভাবে সভাপতি পদত নিযুক্তিৰ সবল বিৰোধিতা কৰি এই স্বেচ্ছাচাৰী সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ দিছে মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া আৰু দলীয় কৰ্মীসকলে।

কেৱল সভাপতি সম্পাদকৰ স্বাৰ্থ সিদ্ধিৰ বাবে গ্ৰহণ কৰা এই অবিবেচকী সিদ্ধান্তৰ সন্দৰ্ভত সদ্যঅপসাৰিত সভাপতি টেনিচন পেগুৱে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা ,লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগণ বৰালৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। অভিযোগ পত্ৰত ব্লক সভাপতি তৰুণ চেতিয়া আৰু প্ৰশাসনিক সম্পাদক শৰৎ পাতিৰে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত  মণ্ডলৰ বাহিৰৰ অপৰিচিত ব্যক্তি পবিত্ৰ দলেক নিযুক্তি দিয়া বুলি মুকলি অভিযোগ উত্থাপন কৰি এই ক্ষেত্ৰত দলীয় শীর্ষ নেতৃত্বৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে। 

ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদকৰ এনে মইমতালি পূৰ্ণ  আচৰণত অতিষ্ঠ মাতমৰা মণ্ডলৰ ক্ষুব্ধ দলীয় কৰ্মী সকলে  শীঘ্ৰে  এই একপক্ষীয় আৰু মইমতালি পূৰ্ণ সিদ্ধান্ত বাতিল নকৰিলে দল এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হব বুলি সকীয়াই দিছে ।