লখিমপুৰ

দুৰ্নীতিগ্ৰস্ত নেতাক গ্ৰেপ্তাৰৰ দাবীত ঢকুৱাখনা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা সমবায় সমিতিৰ দুৰ্নীতিগ্ৰস্ত সভাপতি আৰু সচিবক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত সবল প্ৰতিবাদ ঢকুৱাখনাত। অভিযোগ অনুসৰি পূব ঢকুৱাখনা আৰু মাতমৰা পঞ্চায়তৰ অন্তৰ্গত দৰিদ্ৰ ৰেচন কাৰ্ডযুক্ত পৰিয়ালৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ বিপৰীতে আবন্তিত চাউলৰ চোৰাং বেহা পাতিছিল এই দুই অভিযুক্তই ।

ঢকুৱাখনা মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি পদতো অধিষ্ঠিত সমবায় সমিতিখনৰ সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ নেতৃত্বত চাউল কেলেংকাৰী সংঘটিত হোৱা বুলি থকা অভিযোগ দীৰ্ঘদিনীয়া । দুয়োকে তাৎক্ষণিক ভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিয়ে। সমবায় সমিতিখনত সংঘটিত ব্যাপক চাউল কেলেংকাৰী সন্দৰ্ভত মহকুমা প্ৰশাসন, খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে তদন্ত কৰি ঢকুৱাখনা সদৰ থানাত এক গোচৰ দাখিল কৰিছিল।

জামিনবিহীন ধাৰাত পঞ্জীভূত এই গোচৰৰ (নং- ৮৯/২০২৩) দুই অভিযুক্তক বৰ্তমানেও ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই । এই বিয়াগোম দুই নেতাক আৰক্ষীয়ে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত শুকুৰবাৰে ৰাজীৱ ভৱনৰ পৰা উলিওৱা হয় এক প্ৰতিবাদী সমদল । ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, জিলা কংগ্ৰেছৰ উপ সভাপতি কেশেন চেতিয়া, জ্যেষ্ঠ কংগ্ৰেছী নেতা মুকুল গগৈ, শৰৎ পাতিৰ, মণিকা পাতিৰ আদিৰ নেতৃত্বত দলীয় কাৰ্য্যালয়ৰ পৰা ওলোৱা প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে'কাৰ্ড লৈ বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে ।

দুৰ্নীতি পৰায়ন বিজেপি নেতা ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুক আৰক্ষীয়ে দিয়া ৰক্ষণাবেক্ষণ বন্ধ কৰক, চৰকাৰী আঁচনিৰ চাউল কেলেংকাৰীৰ নায়ক ভবেশ-ৰঞ্জিতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অভিযুক্তক সুৰক্ষা দিয়া বিধায়ক নৱ দলে মুর্দাবাদ, চাউল চুৰ গেৰুৱা নেতাক গ্ৰেপ্তাৰ নকৰা ঢকুৱাখনা আৰক্ষী হুচিয়াৰ, পূব ঢকুৱাখনা সমবায় গ্ৰাহকৰ ১০০০কুইণ্টল চৰকাৰী চাউল হিতাধিকাৰী সকলক বিতৰণ কৰক, অভিযুক্ত বিজেপি নেতা ভবেশ দলেক সুৰক্ষা দিয়া বিধায়ক নব দলে গ' বেক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীয়ে ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় প্ৰাংগণত উপস্থিত হয় । কাৰ্য্যালয় চৌহদতে প্ৰতিবাদকাৰী সকলে অনুষ্ঠিত কৰে এখন প্ৰতিবাদী সভা ।

ব্লক সভাপতি তৰুণ চেতিয়াই আঁত ধৰা সভাত কংগ্ৰেছী নেতা মুকুল গগৈ, লালিত্য কুমাৰ দাস, যুৱ কংগ্ৰেছৰ নেতা অনুপ বৰুৱা, ব্লক ইউথ বিগ্ৰেডৰ সভাপতি ৰমেন দাস, দেৱ দাস, মণিকা পাতিৰ, কুসুম বৰুৱা, ভাৰতী হাজৰিকা, ইনামনী বৰুৱা আদি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্ম-কৰ্তাই অংশগ্ৰহণ কৰে । সভাত তৰুণ চেতিয়া, মুকুল গগৈ ,অনুপ বৰুৱা আদি বহু কেইগৰাকী দলীয় নেতৃত্বই দুৰ্নীতিগ্ৰস্ত সভাপতি আৰু সচিবক গ্ৰেপ্তাৰ নকৰা আৰক্ষীক তীব্ৰ সমালোচনা কৰে । নব দলেৰ ঘনিষ্ঠ, মণ্ডল বিজেপিৰ নেতা হোৱাৰ বাবেই আৰক্ষীয়ে সোপা-ঢিলা নীতি গ্ৰহণ কৰা বুলি মন্তব্য কৰি এনে পক্ষপাতিত্ব আচৰণ নকৰিবলৈ সকীয়াই দিয়ে।

দৰিদ্ৰৰ মুখৰ ভাত আজুৰি চোৰাং বেপাৰ চলোৱা এই দুই মতলবী লুণ্ঠনকাৰীক তৎকালে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই এই গোচৰৰ ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ জৰুৰী হস্তক্ষেপ দাবী কৰে। প্ৰতিবাদী সভাত চাউল কেলেংকাৰীৰ নায়কক গ্ৰেপ্তাৰ নকৰি সমবায় সমিতিখন নিলম্বিত কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ গৰিহনা প্ৰদান কৰি গঞা ৰাইজক হাৰা-শাস্তি ভোগাই প্ৰশাসনে জাৰি কৰা এই নিলম্বন নিৰ্দেশ বাতিল কৰি সভাপতি, সচিবৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে দাবী জনায় ।