পিতৃ সন্ধানহীনঃ আৰক্ষীৰ জিম্মাত থাকোতেই পুত্ৰই পালে শুভ সংবাদ... 
লখিমপুৰ

পিতৃ সন্ধানহীনঃ আৰক্ষীৰ জিম্মাত থাকোতেই পুত্ৰই পালে শুভ সংবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: পিতৃৰ সন্ধানহীনতা আৰু নিৰন্তৰ আৰক্ষীৰ জেৰাৰ মাজতে এটা শুভ সংবাদ আহিছে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈলৈ। পিতৃৰ সপোনক মেধাত্বৰে বাস্তবায়িত কৰি ইস্পিত ফলাফল আজুৰি আনিবলৈ সক্ষম হৈছে সুনীল গগৈৰ পুত্ৰই।

কাজিৰঙা বিশ্ববিদ্যালয়ৰ বি চি এ শিক্ষাবর্ষৰ ছাত্ৰ সৌৰভ গগৈয়ে সুখ্যাতিৰে ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। শুকুৰবাৰে মাতৃ পুষ্পা গগৈসহ পুত্ৰ সৌৰভ গগৈ ঢকুৱাখনা সদৰ থানাত আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ থকা অৱস্থাতে এই শুভ সংবাদ লাভ কৰে সৌৰভ গগৈয়ে।

সদৰ থানাত থকা অৱস্থাতে মাতৃক এই শুভ সংবাদ প্ৰদানৰ পাছতে মাতৃ শোকত ভাঙি পৰে। মেধাবী পুত্ৰৰ এনে সমুজ্জল ভৱিষ্যত অকালতে মৰহি যোৱাৰ গভীৰ আশঙ্কা কৰি কান্দি উঠা মাতৃয়ে সংবাদ মাধ্যমক জনোৱা মতে পুত্ৰৰ নামভৰ্তি আৰু বিদ্যায়তনিক ভৱিষ্যতকলৈ চিন্তিত হৈছে।

কেৱল আৰক্ষীৰ অনুসন্ধানৰ তদন্তৰ নামত দৈনিকবাট কুৰি বাইথানালৈ অহা আৰু নিশা ১০ বজাত অকলশৰে নিৰাপত্তাহীন ভাবে ঘৰলৈ গমন কৰা এই দৈনন্দিন কাৰ্যক্ৰমনিকাত অতিষ্ঠ হৈ পৰিছে সুনীলৰ পত্নী পুত্ৰ। দিনটো এনেদৰে তদন্তৰ নামত থানাত বোন্দাপৰ দি থকাৰ পাছত শুকুৰবাৰে নিশা ৯-৪৫ বজাত ঘৰলৈ যাবলৈ দিয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত। পুনৰ শনিবাৰে আৰক্ষীয়ে তদন্তৰ বাবে মাতৃ পুত্ৰক থানালৈ আহিবলৈ জাননী জাৰি কৰিছে।