অমৃত কালত এখন দলঙে জ্বলা-কলা খুৱাইছে নাগৰিকক... 
লখিমপুৰ

অমৃত কালত এখন দলঙে জ্বলা-কলা খুৱাইছে নাগৰিকক...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: এখন দলং। দৰাচলতে দলং বুলি কোৱাতকৈ এখন মৰণফাণ্ড বুলি কোৱাহে যুগুত হ'ব। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত বিগত কেইবা দশক ধৰি এখন বিপদজনক দলংৰ জৰিয়তে মৰণত শৰণ দি যাতায়ত কৰি আহিছে ৰাইজে।

স্বাধীনতাৰ অমৃত কালৰ উন্নয়নৰ উলংগ স্বৰূপ উদঙাই অহা এইখন মৰণফাণ্ড ৰূপী দলং চাবলৈ আহিব লাগিব ঢকুৱাখনালৈ । অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ গৃহ ভূমি ঢকুৱাখনাৰ এই দৃশ্য ।

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰা সংযোগী একমাত্ৰ চমু লোকনিৰ্মাণ পথৰ কঢ়া নদীৰ ওপৰত অৱস্থিত এইখন জীৱন্ত মৰণফাণ্ড । ঢকুৱাখনা মহকুমাৰ উত্তৰ ঢকুৱাখনা আৰু দেউলিয়া পঞ্চায়ত সংযোগ কৰা আমগুৰি ঘাট হৈ আখৈফুটীয়াৰে ঘিলামৰাত কম সময়তে উপস্থিত হ'ব পৰা এইটো লোকনিৰ্মাণ পথৰ দুৰৱস্থাই তথাকথিত অমৃত কালৰ নগ্ন স্বৰূপ নির্লজ ভাবে উদঙাই দিছে।

উদঙাই দিছে আধুনিক ঢকুৱাখনাৰ নির্মাতা বুলি জাহিৰ কৰি অহা বিধায়ক নৱ দলেৰ  নিকৃষ্ট বেপৰোৱা নীতিক। প্ৰায় ১০ খন গাঁৱৰ ৰাইজে  দৈনিক যাতায়ত কৰা এই পথটোৰ কঢ়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ দাবী জনায় আহিছে মহেমাৰী, জামুগুৰি, শিঙিয়া,চাকুলি,আখৈফুটীয়া, পুৰণা গোবিন্দপুৰ, বলাহি আদি গাঁওৰ ৰাইজে।

ঢকুৱাখনা,ঘিলামৰাৰ,শিক্ষার্থী, চহা কৃষিজীৱী আৰু চাকৰিজীৱীৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ এই পথৰ আমগুৰি ঘাট দলংখন পকী কৰাৰ বাবে ৰাইজে জনাই অহা দাবীৰ প্ৰতি বিধায়ক নৱ দলে কিম্বা সাংসদ প্ৰদান বৰুৱাই কৰ্ণপাত নকৰিলে বছৰ বছৰ ধৰি । পৰিণতিত এনে সীমাহীন দুৰ্দশা আৰু বিপদ সংকুলতাৰ মাজেৰে এনেদৰে যাতায়ত অব্যাহত ৰাখি আহিছে জনসাধাৰণে।

অঞ্চলবাসী ৰাইজে এনেবোৰ ভণ্ড জনপ্ৰতিনিধিৰ নির্লজ কাণ্ডজ্ঞানহীনতাৰ বিপৰীতে এটা দশক ধৰি নিজেই শ্ৰমদান কৰি নিজৰ বনজ সম্পদেৰে নিৰ্মাণ কৰি আহিছে এইখন বাঁহৰ দলং। এইখন ৰাইজ নিৰ্মিত বাঁহৰ দলঙেৰে এনেবোৰ অন্ধ জনপ্ৰতিনিধি পাৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই।

অথচ এই কৌটিকলিয়া জটিল সমস্যাটোৰ স্থায়ী সমাধানৰ পথ বিচাৰি নুলিয়াই। কেৱল নিৰ্বাচনৰ সময়ত এখন দলং দিয়াৰ প্ৰলোভন দি ভোটাৰক আকৰ্ষিত কৰি মুনাফা লোভী ক্ষমতা লোভী নৱ দলে,প্ৰদান বৰুৱা আৰু ঘিলামৰা জিলা পৰিষদৰ সদস্যা মঞ্জু বৰগোঁহাইহঁতৰ ধৃতৰাষ্ট্রৰ ভূমিকাত অতিষ্ঠ ভুক্তভোগী ৰাইজ । 

বাৰিষা নাও আৰু খৰালি জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ভয়ানক জীৱনযাত্ৰা অব্যাহত ৰখা এনেবোৰ অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তিৰ মূল্য দিব নোখোজা ভণ্ড ৰাজনীতিকৰ বিৰুদ্ধে টঙালি বান্ধিছে এইবাৰ । বৰ্জন কৰিব নিৰ্বাচন । সাব্যস্ত নকৰে ভোটাধিকাৰ ।

যিসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উন্নয়ন বিকাশৰ দম্ভালি মাৰিছে।তেনে সময়তে এখন দলং বিচাৰি এটা দশক ধৰি হাহাকাৰ কৰি অহা ৰাইজে তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ দাঙি ধৰি ভোট বর্জনৰ হুংকাৰ দিয়াতেই উন্মোচিত হৈছে ভণ্ড বিধায়ক নৱ দলে, সাংসদ প্ৰদান বৰুৱাৰ ১৫বছৰীয়া সফলতাৰ বাস্তৱ চিত্ৰ ।