ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ পূৰ্ণাংগ সমিতি গঠন... 
লখিমপুৰ

ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ পূৰ্ণাংগ সমিতি গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ অনাগত  কাৰ্যকালৰ বাবে পূৰ্ণাংগ সমিতি গঠন কৰা হয়। দেওবাৰে জিলা সমিতিৰ মুখ্য কাৰ্যালয় সাধনী ভৱন প্ৰাংগণত দুপৰীয়া অৰ্ধশতাধিক প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধিত্বমূলক সাধাৰণ সভা অনুষ্ঠিত হয়।

স্থায়ী সমিতিৰ সভাপতি গংগেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধিত্বমূলক সভাত উদেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লক্ষীনন্দন শইকীয়াই। সভাত জিলা অধিবেশনত গণতান্ত্ৰিক ভাবে নবগঠিত জিলা সমিতিখনৰ পূৰ্ণাংগ ৰূপ প্ৰদানৰ বাবে আলোচনা কৰা হয়।

বিস্তৃত সাংগঠনিক আলোচনাৰ পাছত জিলাৰ অন্তৰ্গত ১৩ খন আঞ্চলিকৰ প্ৰতিনিধিসকলৰ লগতে ভাতৃ আৰু ভগ্নী সংগঠনৰ নেতৃত্বৰ উপস্থিতিত এখন ৩১ জনীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ পূৰ্ণাংগ সমিতি সৰ্বসন্মত ভাবে গঠন কৰা হয়। সেই অনুক্ৰমে সভাপতি হিচাবে দিব্য খনিকৰ, উপ-সভাপতি হিচাবে বসন্ত শইকীয়া, লক্ষী নন্দন শইকীয়া, তিলেন্দ্ৰ বৰুৱা আৰু জিতু শইকীয়া, সাধাৰণ সম্পাদক হিচাবে গৌৰৱ বৰুৱা, সম্পাদক হিচাবে ৰাজু চুতীয়া, বিষ্ণু শইকীয়া, দিলীপ বৰুৱা আৰু গজেন চুতীয়াক লৈ মুঠ ২১ জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় ।

সভাতেই নৱগঠিত সমিতিখনে পূৰ্বৰ সমিতিখনৰ পৰা আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। জিলা সমিতিখনৰ সাংগঠনিক বুনিয়াদ সৱলীকৰণ কৰাৰ বাবে সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সাংগঠনিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

নৱগঠিত জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌৰৱ বৰুৱাই স্বগোষ্ঠীয় সংগঠনতো জ্ঞাতিবৰ্গৰ মাজত সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।