ঢকুৱাখনাত কৃষকৰ কুলাই পাচিয়ে নধৰা দুখ: ধাননি পথাৰত ধানৰ সলনি পতান... 
লখিমপুৰ

ঢকুৱাখনাত কৃষকৰ কুলাই পাচিয়ে নধৰা দুখ: ধাননি পথাৰত ধানৰ সলনি পতান...

খামনমুখ, তিনিঘৰীয়া, ময়েঙিয়া, বায়াক পথাৰ আদি কৃষি ভূমিত শালি ধানৰ খেতিত এঠুকো নালাগিল ধান

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক অবৰ্ণনীয় ,অপ্ৰকাশ্য আৰু মৰ্মান্তিক পৰিঘটনা। ঢকুৱাখনা সমজিলাৰ সোনাৰী চাপৰিৰ বৃহত্তৰ কৃষি ভূমিত সংঘটিত এই ঘটনা। চালে চকু ৰোৱা বিশাল কৃষি ভূমিৰ লহপহকৈ সজাল ধৰা বিস্তৃত এলেকাৰ ধাননি পথাৰত ধানৰ পৰিবৰ্তে চহাই আৰ্জিলে পতান।

বৃহত্তৰ সোনাৰী চাপৰি অঞ্চলৰ কৃষিজীৱী ৰাইজে কপালৰ ঘাম মাটিত পেলাই ৰচা সোণালী সপোনত যেন প্ৰকৃতিয়ে চেঁচা পানী পেলালে। বৃহত্তৰ অঞ্চলটোৰ খামনমুখ , তিনিঘৰীয়া, ময়েঙিয়া, বায়াক পথাৰ আদি কৃষি ভূমিত চহা ৰাইজে কৰা শালি ধানৰ খেতিত এইবাৰ এঠুকো ধান নালাগিল।

সমগ্ৰ অঞ্চলটোৰ শ শ বিঘা পথাৰত কৃষকে এইবাৰ এমুঠিও ধান চপাবলৈ সক্ষম নহ'ল। দুৰ্ভগীয়া কৃষকসকলে অশ্ৰুসিক্ত নয়নেৰে জনোৱা মতে ধান গছৰ শ্ৰীবৃদ্ধি অতি আশাব্যঞ্জক আছিল যদিও ফচল একেবাৰে শূণ্য।

কতো এঠুকো ধান বিচাৰি পাবলৈ নাই বৃহত্তৰ পথাৰত। পৰিণতিত কৃষকসকলে নিজৰ পথাৰত পশুধন মেলি কান্দোনত ভাগি পৰিছে। এনেদৰে অজস্ৰ কৃষকৰ সপোন ভাঙি থানবান হোৱাত দিক বিদিক হেৰুৱাই পেলাইছে।

বৃহত্তৰ অঞ্চলটোৰ ৯০ শতাংশ কৃষিজীৱীৰ জীৱন জীৱিকাৰ লগতে উপাৰ্জনৰ একমাত্ৰ আহিলা এই ধানখেতিৰ এনে ফচলশূণ্য ঘটনাই এক অনিশ্চিত ভৱিষ্যতৰ ইংগিত দিছে। নিজৰ কঠিয়াৰে কৰা পৰম্পৰাগত খেতিত এনে পতান লগা ঘটনাই কৃষিজীৱী পৰিয়ালসমূহলৈ অথন্তৰ নমাই আনিছে। কৃষি বিভাগৰ লগতে ৰাজ্য চৰকাৰে এইক্ষেত্ৰত যথোচিত গুৰুত্ব প্ৰদানৰ প্ৰসংগ উথাপিত হৈছে।