ঢকুৱাখনাত আৰ্তজনৰ কাষত মিচিং জাতিয় সংগঠন... 
লখিমপুৰ

ঢকুৱাখনাত আৰ্তজনৰ কাষত মিচিং জাতিয় সংগঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপ্তবাক্যশাৰী  বাস্তৱায়িত কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনাত। এটা সৰ্বশ্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ দুখৰ সমভাগী হৈ আৰ্ত পৰিয়ালটোৰ কাষত বৃহস্পতিবাৰে থিয় দিলে মিচিং জাতীয় সংগঠন।

এই মানৱ দৰদী পদক্ষেপ গ্ৰহণ কৰিছে ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা আঞ্চলিক মিচিং ছাত্ৰ সন্থা আৰু মিচিং সংগ্ৰাম সমিতিয়ে। উল্লেখ্য যে, ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত পূব ঢকুৱাখনা পঞ্চায়তৰ যোগীসুঁতি ভলুকাজান গাঁৱৰ বুইন দলেৰ দুটা ঘৰ বুধবাৰে ভয়ানক অগ্নিকাণ্ড সংঘটিত হৈ চাৰখাৰ হৈছিল।

চহা পৰিয়ালটোৰ ঘৰত কোনোব্যক্তি নথকা অৱস্থাত আকস্মিকভাবে হোৱা অগ্নিকাণ্ডত  নিমিষতে ভস্মীভূত হৈছিল দলেৰ দুটাকৈ বাসগৃহ। নাবাচিল একো এপদ সা-সম্পত্তি, বাচন বৰ্তন।

কৃষি কৰ্মেৰে পৰিয়াল পোহপাল দি জীৱন কটোৱা নিঃস্ব পৰিয়ালটোৰ এনে দুখ দুৰ্দশা উপলব্ধি কৰি দৰিদ্ৰ পৰিয়ালটোৰ কাষত বৃহস্পতিবাৰে পুৱাই উপস্থিত হ'ল দুই মিচিং জাতিয় সংগঠনৰ মোহন পেগু,পাৰ্থ প্ৰতীম মিলি,অমৃত দলে, ভদ্ৰ কান্ত টাইদ, মুকুল লাগাছু, ডিম্পল দলেৰ লগতে একাংশ কৰ্মকর্তা।

জাতীয় সংগঠন দুটাৰ জিলা নেতৃবৰ্গৰ সহযোগিতাত আঞ্চলিক সমিতিৰ কৰ্মকর্তাসকল ঐক্যবদ্ধ হৈ সাধ্য অনুসৰি সংগ্ৰহ কৰে পুঁজি। সংগৃহীত পুঁজিৰে গৃহনিৰ্মাণ সামগ্ৰী ক্ৰয় কৰি, বাৰীৰ বাঁহ কাঠ সংগ্ৰহ কৰি আৰম্ভ কৰে এটা গৃহ নিৰ্মাণ প্ৰক্ৰিয়া।

নিঃস্ব পৰিয়ালতোলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱেও আগবঢ়াই সহায়ৰ হাত। পৰৱৰ্তী সময়ত সংগঠনটোৰ নিৰন্তৰ শ্ৰমদানৰ ফলশ্ৰুতিত পূৰ্বৰ ভেঁটিতে এটা নতুন টিনপাতৰ ঘৰৰ নিৰ্মাণ কাৰ্য বিয়লি সম্পন্ন হয়।

কেৱল প্ৰাপ্য বিচৰা গণতান্ত্ৰিক আন্দোলনতে মিচিং জাতীয় সংগঠন ব্যস্ত নাথাকি আৰ্তজনৰ দুখৰ সমভাগী হৈ নিঃকিন পৰিয়ালৰ মৌলিক অভাৱ প্ৰদানতো  আত্মনিয়োগ কৰি আহিছে। তাৰেই অন্যতম অনুকৰণীয় দৃষ্টান্ত এই পদক্ষেপ। মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি  টি এম পি কে আৰু এম এম কেই গ্ৰহণ কৰা এই  পদক্ষেপ নিশ্চিত ভাবে শলাগনীয় আৰু প্ৰশংসনীয়।