ঢকুৱাখনা আৰক্ষীৰ জালত অৰুণাচলী সুৰা বেপাৰী... 
লখিমপুৰ

ঢকুৱাখনা আৰক্ষীৰ জালত অৰুণাচলী সুৰা বেপাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা গোপনে সৰবৰাহ কৰা চোৰাং বিলাতী সুৰাৰ বেহাই চানি ধৰিছে ঢকুৱাখনা। এক অসাধু চক্ৰই গোপনে সৰবৰাহ কৰি ঢকুৱাখনা মহকুমাত চলাই অহা এই ক'লা বজাৰখনৰ এটা বেপাৰী ঢকুৱাখনা আৰক্ষীৰ জালত পৰিছে।

বেপাৰীটোৰ নাম মনোজ লাগাচু। ঘৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পূব ঢকুৱাখনা পঞ্চায়তৰ ইন্দুৰ গাঁওত। গাঁওখনত এখন অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান দি থকা এই ব্যৱসায়ীজনে অন্য ব্যৱসায়ৰ লগতে গোপনে অবৈধ বিলাতী সুৰা মজুত কৰি চোৰাং বেহা চলাই আহিছিল দীৰ্ঘদিন ধৰি।

ৰাজহ ফাঁকিৰে অধিক মুনাফা অর্জনৰ লক্ষ্যৰে এইগৰাকী সুৰা ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও বিলাতী সুৰা আনি বিক্ৰী কৰি আহিছিল ।এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই লাভ কৰা গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা প্ৰায় ৮-২০ বজাত অভিযান চলাই নিৰ্দিষ্ট দোকানখনত।

অভিযান কালত আৰক্ষীৰ দলটোৱে ১৫৪ বটল অৰুণাচলী বিলাতী সুৰা অসমৰ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অ' চি বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে উদ্ধাৰ হোৱা অবৈধ বিলাতী সুৰাখিনিৰ লগতে চোৰাং সুৰা বেপাৰী মনোজ লাগাচুক আটক কৰি থানালৈ আনে আৰু এটা গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে সন্দেহ কৰা মতে ঢকুৱাখনাৰ বিভিন্ন বিলাতী সুৰাৰ দোকানত সংঘটিত হোৱা চুৰি কাৰ্যৰ জৰিয়তে এইখিনি অসমৰ সুৰা মজুত কৰিব পাৰে । যিহেতু আৰক্ষীৰ জেৰা কালত কোনো বৈধ বিলাতী সুৰাৰ নথিপত্ৰ দেখুৱাব পৰা নাই ধৃত বেপাৰীজনে।

উল্লেখ্য যে, ঢকুৱাখনা মহকুমাত সুদীর্ঘ দিন ধৰি বহিৰাজ্যৰ বিলাতী সুৰাৰ এখন ৰমৰমীয়া অবৈধ বেহা চলি আহিছে । চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰা বিলাতী সুৰাৰ বটলত অসমৰ সুৰাৰ লেবেল লগাই গাঁৱে ভূঞে বিতৰণ কৰি মুনাফা অর্জন কৰি আহিছে এক অশুভ দুষ্ট চক্ৰই।

তাৰোপৰি জন স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি মাতি চোৰাং ভাবে এনে অসমৰ বিলাতী সুৰাৰ লগত বৰ্হি ৰাজ্যৰ কম মূল্যৰ বিলাতী সুৰা মিহলাই মুকলিকৈ অসমৰ লেবেল লগাই উচ্চ দৰত বিক্ৰী কৰি লাভান্বিত হৈ আহিছে ।

ঢকুৱাখনা আৰু ঘিলামৰাৰ তিনিটা গোপন স্থানত চলাই অহা এই নিষিদ্ধ বেহাখন উৎখাত কৰাত আৰক্ষী আৰু আৱকাৰী বিভাগ তৎপৰ হোৱাৰ দাবী জনাইছে সচেতন নাগৰিকে।