লখিমপুৰ

নিৰ্বাচন আয়োগৰ সিদ্ধান্তক লৈ অসন্তুষ্টি : ঢকুৱাখনাৰ গাঁৱে গাঁৱে জোঁৰ সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ভাৰতীয় নিৰ্বাচন আয়োগৰ এক হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ সোচ্চাৰ হৈছে ঢকুৱাখনা সমষ্টিবাসী। চূড়ান্ত দায়িত্বহীনতা আৰু বেপেৰোৱাভাৱে ভাৰতীয় নিৰ্বাচন আয়োগে গ্ৰহণ কৰা এক সিদ্ধান্তই ক্ষোভিত কৰি তুলিছে সমষ্টিবাসীক। 

শেহতীয়াকৈ নিৰ্বাচন আয়োগে সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ বেলিকা ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডৰ সোৱণশিৰি গাঁও পঞ্চায়তৰ ১৯ খন গাঁও ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা কৰ্তন কৰা কাৰ্যক গাঁওবাসীয়ে মানি ল'ব পৰা নাই। অবৈধ আৰু অসাংবিধানিক প্ৰক্ৰিয়াৰে সুদূৰ নাওবৈছা সমষ্টিত অন্তৰ্ভুক্তিকৰণৰ কৰা বুলি উল্লেখ কৰি একাংশই গণ প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে, কোনো ধৰণৰ ভৌগলিক আৰু বাহ্যিক সম্পৰ্ক নথকা নাওবৈছা বিধানসভা সমষ্টিত সোৱণশিৰী গাঁও পঞ্চায়তৰ ৮ টা ৱাৰ্ডৰ ১৯ খন গাঁও সংলগ্ন কৰি জাৰি কৰা চূড়ান্ত জাননীৰ বাবে আক্ষেপ প্ৰকাশ কৰে। সেয়ে এই জাননীৰ বিৰুদ্ধে শনিবাৰে ৰাজপথলৈ সমষ্টিবাসী ওলাই আহে । 

শনিবাৰে সন্ধিয়া সমষ্টিটোৰ ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থা, মিচিং সংগ্ৰাম সমিতি আৰু মিচিং মহিলা সমিতিৰ অন্তৰ্গত ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ১১খন আঞ্চলিকত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হয়। জিলা সমিতিৰ অন্তৰ্গত ১১খন আঞ্চলিক সমিতিৰ অধীনৰ বিভিন্ন গ্ৰামাঞ্চলত সন্ধিয়া জোঁৰ সমদলো উলিওৱা হয় ।

জিলা সমিতিৰ অন্তৰ্গত অন্যান্য আঞ্চলিক সমিতিৰ লগতে পূব ঢকুৱাখনা ,খেৰকটা , মাতমৰা, দিমৰুগুৰি,ডাংধৰা আদি আঞ্চলিকতো শতাধিক নাগৰিক,মিচিং জাতীয় সংগঠনৰ কৰ্মকর্তাই প্ৰতিবাদ সাব্যস্ত কৰে। এই জনবিৰোধী আৰু অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ প্ৰতিবাদকাৰীসকলে বিশাল জোঁৰ সমদল বাহিৰ কৰে। 

'সোৱণশিৰীবাসীক ঢকুৱাখনা সমষ্টিত থাকিবলৈ দিয়ক','সোৱণশিৰীবাসীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব নকৰিব','অসম চৰকাৰ মুর্দাবাদ', 'বিজেপি গ' বেক','ষড়যন্ত্ৰকাৰী নৱ দলে মুর্দাবাদ', 'মিচিং জাতিৰ শত্ৰু নৱ দলে গ বেক' আদি শ্লোগান দি গ্ৰামাঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলে । জাতীয় সংগঠনৰ জিলা আৰু কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থকা প্ৰতিবাদী জোঁৰ সমদলত সোৱণশিৰীবাসীৰ ৰাজনৈতিক ভৱিষ্যতক লৈ হেতালি খেলা বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই এই নীচ চক্ৰান্তৰ বাবে সমুচিত প্ৰত্যুত্তৰ অনাগত সময়ত লাভ কৰিব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে ।