লখিমপুৰ

ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষৰ সাহাৰ্য বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহাৰ্যৰে শনিবাৰে ঢকুৱাখনাত হিতাধিকাৰীসকলৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা ২১নং পূব ঢকুৱাখনা-মাতমৰা পৰিষদিয় সমষ্টিৰ সদস্য সুনীল কুমাৰ পেগুৰ তৎপৰতাত পৰিষদিয় সমষ্টিটোৰ হিতাধিকাৰীসকলৰ মাজত তাৰপলিন আৰু সূতা বিতৰণ কৰা হয় ।

এই সন্দৰ্ভত মাতমৰা লয়িদ কম্প্লেক্স প্ৰাঙ্গনত শনিবাৰে দুপৰীয়া অনুষ্ঠিত কৰা হয় বিতৰণ অনুষ্ঠান । সমষ্টিটোৰ মুঠ ২৪৩ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত পৰিষদৰ ২০২৩-২০২৪ বিত্তীয় বর্ষৰ অৰ্থসাহাৰ্যৰে যোগান ধৰা উন্নত মানৰ সূতা আৰু ২৫৯ গৰাকী হিতাধিকাৰীৰ  মাজত তাৰপলিণ বিতৰণ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ।

মিচিং জাতীয় সংগঠনৰ শীর্ষ বিষয়ববীয়া তথা সমষ্টিৰ মুখ্য আহ্বায়ক সুৰেশ দলে , আহ্বায়ক জ্যোতিষ পেগু  , দীপাঞ্জল দলে, জিলা নেতৃত্ব বৃগেন দলে ,অমৰজিত দলে , অমৃত দলে , সন্মিলিত গণ শক্তিৰ নেতা লক্ষ্য নাথ দলে, মিচিং বানে কৌবাংৰ পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি পৰিক্ষিত মিলি , মিচিং আগম কৌবাংৰ আঞ্চলিক সভাপতি প্ৰবীণ মিলি , বিজেপিৰ এছ টি মৰ্চাৰ নেতা জগদীশ পেগু আদি গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত ৰাজহুৱাকৈ সামগ্ৰীসমূহ বিতৰণ কৰা হয় ।