লখিমপুৰ

গোগামুখৰ ডলীৰাজ এন্টাৰপ্ৰাইজৰ উদ্যোগত "অনুপ্ৰেৰণা-২০২৪"

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ গোগামুখৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান "ডলী ৰাজ এন্টাৰপ্ৰাইজ"ৰ উদ্যোগত চলিত বৰ্ষত "অনুপ্ৰেৰণা ২০২৪"ৰ শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অগ্ৰণী প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা গোগামুখৰ ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিত্বক তেওঁলোকৰ বৰেণ্য অৱদানৰ বাবে বিশেষ ভাবে সন্মানিত কৰাৰ এক ব্যতিক্ৰমী পৰিকল্পনা গ্ৰহণ কৰিছে। এই অনুষ্ঠান সন্দৰ্ভত শনিবাৰে অৱগত কৰিছে ডলী ৰাজ এন্টাৰপ্ৰাইজৰ সঞ্চালক উত্তম পিংকু গগৈযে ।

অহা ২০ মে'ত ডলী ৰাজ এন্টাৰপ্ৰাইজৰ চৌহদত আয়োজন কৰা অনুষ্ঠানটোতে Mahindra-xuv 3xO বাহনখন আনুষ্ঠানিকভাৱে বিক্ৰীৰ বাবে মুকলি কৰা হ'ব বুলি সঞ্চালকগৰাকীয়ে ব্যক্ত কৰিছে। এই অনুষ্ঠানৰ পৰৱৰ্তী সময়ত "অনুপ্ৰেৰণা-২০২৪" শীর্ষক এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব।

"অনুপ্ৰেৰণা-২০২৪"ৰ বঁটা প্ৰাপকসকল ক্ৰমে সফল আৰু উদ্যমী মহিলা ব্যৱসায়ীৰ সন্মান বঁটা বেলছি নাৰ্জাৰী, সফল পিতৃ বঁটা ক্ৰমে কৃষ্ণ হাজৰিকা, কিৰণ বন দেউৰীক প্ৰদান কৰা হব। সফল মাতৃ বঁটা ৰুমীনাথ হাজৰিকা, দীপা দেউৰীক প্ৰদান কৰা হব। সংগীত শিল্পী সন্মান বঁটা  ইন্দিৰা হাজৰিকা, শ্ৰেষ্ঠ সাংবাদিকৰ সন্মান বঁটা প্ৰতিদিন টাইম আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক জিতু কুমাৰ ৰাজকোঁৱৰ , হিতৈষী ভকতৰ সন্মান ক্ষীৰোদ সোনোৱাল, ক্ৰীড়া বঁটা বিমল স্বৰ্গীয়াৰী প্ৰদান কৰা হব।

বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হব ডলী ৰাজ এন্টাৰপ্ৰাইজ লেখন বুঢ়াগোহাঁই, দুৰ্লভ গগৈ,অঞ্জনা গোহাঁই , চিত্ৰ কলা সন্মান বঁটা ডম্বৰু বৰা ,উদ্যমী কৃষক বঁটা গিৰিজা  প্ৰসাদ দলে ,কৃৰ্তী মান ছাত্ৰ ছাত্ৰ-ছাত্ৰী নিৰিবিলি বৰগোহাঁই ,উদয় উপাধ্যায়,দেবাৰ্জুন দলে ,আশিষ শৰ্মা , সমাজ সেৱাৰ সন্মান চিকিৎসক ডা: গুনিন গগৈ , সমাজ সেৱাৰ সন্মান বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কুশল কুমাৰ মেদক , বিশেষ সম্বৰ্ধনা মনোৰঞ্জন শইকীয়া ,প্ৰণৱ দলে ,বিনয় কৃষ্ণ তামুলী ফুকন ,দীপক বৰগোহাঁই , সংগীত শিল্পী সন্মান ৰূপম দাস, প্ৰণৱ নিষাদ ,উৎপল চুতীয়া,বায়' পেগু , চন্দ্ৰ পাটগিৰি ,উদয় স্বৰ্গীয়াৰী ,ৰঞ্জন দেউৰী ,উৎপল নিবিড়, গৌতম বিশ্বকৰ্মা আদি।

উক্ত মননশীল অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব ক্ষীৰোদ সোনোৱাল আৰু ভাৰতী গগৈয়ে। বিশিষ্ট অতিথি হিচাপে বিশেষজ্ঞ চিকিৎসক ডা: দিব্যজ্যোতি কলিতা , ডা: ৰূপম হাজৰিকা ,ডা: দীপক তাছা আদিযে অংশগ্ৰহণ কৰিব। আমন্ত্ৰিত অতিথি হিচাপে জ্যোতিষ শইকীয়া, লাল কান্ত গিৰি ,মনোজ বৰা , প্ৰদীপ শৰ্মা ,যজ্ঞেশ্বৰ বৰা ,উৎপল বৰা , বিশ্ব বৰুৱা , মহেন্দ্ৰ লাহন, সন্মানীয় গ্ৰাহক হিচাপে মোহন গগৈ ,ডা: বিকাশ নাথ ,ডা:নয়ন মণি দত্ত , বিশ্বেশ্বৰ গগৈ আদিয়ে অংশগ্ৰহণ কৰিব।

জনপ্ৰিয় অভিনেতা নবীন দেউৰী আৰু নীলম নিৰ্মালীয়ে আঁত ধৰিব লগা অনুষ্ঠানত গোগামুখবাসীৰ উৎসাহপূৰ্ণ উপস্থিতি "ডলিৰাজ এন্টাৰপ্ৰাইজ"ৰ পৰিয়ালে কামনা কৰিছে ।