খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰে মত বিনিময় সুৰজিত দলেৰ....

সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ আহ্বান

author-image
Asomiya Pratidin
New Update
খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰে মত বিনিময় সুৰজিত দলেৰ....

খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰে মত বিনিময় সুৰজিত দলেৰ....

ডিজিটেল সংবাদ ঢকুৱাখনা: ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভেঁটি সুদৃঢ় কৰাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে ঢকুৱাখনা ব্লক কংগ্ৰেছে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ অন্তৰ্গত গাঁৱে ভূঞে লখিমপুৰ জিলা কংগ্ৰেছ ,ঢকুৱাখনা ব্লক কংগ্ৰেছ,মহিলা কংগ্ৰেছৰ লগতে যুৱ কংগ্ৰেছৰ একাংশ দলীয় নেতা কৰ্মীয়ে দলটোৰ সাংগঠনিক বুনিয়াদ মজবুত কৰাৰ বাবে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে।

এই  ধাৰাবাহিক অভিযানত অন্যতম প্ৰধান ভূমিকা পালন কৰিছে গোগামুখৰ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত দলেয়ে। ঢকুৱাখনাৰ কেঁকুৰী পমুৱাৰ বাসিন্দা ড০ দলেয়ে সক্ৰিয় অংশগ্ৰহণ কৰি শনিবাৰে খেৰকটা মণ্ডলৰ মদাৰগুৰিত দলীয় নেতা কৰ্মীৰে এখন বৈঠকত মিলিত হয়।

খেৰকটা মণ্ডল কংগ্ৰেছৰ সম্পাদক লেলিন চুংক্ৰাং, লখিমপুৰ জিলা এছ টি মৰ্চাৰ সভাপতি ৰমেন মিলি, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰাজীৱ খান, বিজয় দলে, যুৱ কংগ্ৰেছৰ নেতা জাইল সিং আদিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক বুনিয়াদ শক্তিশালী কৰাৰ বাবে প্ৰতিগৰাকী নেতা কৰ্মীয়ে আত্মনিয়োগ কৰাৰ আহ্বান জনায় ড০ দলেয়ে।

প্ৰতিষ্ঠান বিৰোধী ঢৌৰ লগতে শাসক দলৰ সীমাহীন জনবিৰোধী কাৰ্যৰ খতিয়ান ৰাইজৰ মাজত দাঙি ধৰি এই গেৰুৱা দলৰ অপ শাসনৰ কৰাল গ্ৰাসৰ পৰা ৰাইজক মুক্ত কৰাৰ বাবে বৈঠকত আহ্বান জনায়। দলীয় নেতাসকলে সকলো দলীয় কৰ্মীক কংগ্ৰেছ দলৰ তৃণমূলৰ ভেঁটি সবল কৰাত ঐক্যবদ্ধ প্ৰয়াস চলাই যোৱাৰ আহ্বানেৰে সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গেৰুৱা দলৰ অপশাসনৰ বাস্তৱ ছবি জনদৃষ্টিত উদঙাই দি গেৰুৱা দল বিৰোধী জনমত গঠন কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Also Read: অৱসৰপ্ৰাপ্ত শিক্ষক,সমাজ কৰ্মী ভূধৰ চাংমাইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...

কংগ্ৰেছ ঢকুৱাখনা