লখিমপুৰ জিলাৰ পঞ্চায়ত সমষ্টিৰ খচৰা তালিকা প্ৰকাশ... 
লখিমপুৰ

Panchayat Election: লখিমপুৰ জিলাৰ পঞ্চায়ত সমষ্টিৰ খচৰা তালিকা প্ৰকাশ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: সমাগত পঞ্চায়ত নিৰ্বাচন। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য বান্ধি প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে।

লখিমপুৰ জিলা প্ৰশাসনেও এই ক্ষেত্ৰত গ্ৰহণ কৰিছে বিধিগত কাৰ্য ব্যৱস্থা। সেই অনুক্ৰমে যোৱা ১৭ ছেপ্টেম্বৰত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছত লখিমপুৰ জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়ত সমষ্টিসমূহৰ খচৰা সীমা নিৰ্ধাৰণ কৰি তালিকা প্ৰকাশ কৰিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিত্তিত জিলা পুনৰ নিৰ্ধাৰণ আয়োগে নিৰ্ধাৰণ কৰা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ তালিকা ইতিমধ্যে ৰাজহুৱা কৰা হৈছে । আয়োগৰ নিৰ্দেশনা নং - জেদ পি এল/ ২৫৮৭/ পাৰ্ট-১/ ব্লক ৰিকগণেশ্বন /২০২৪-২০২৫/১২৬ যোগে সমষ্টি পুনৰ নিৰ্ধাৰণ পাছত জিলাখনৰ মুঠ ৫ টা বিধানসভা সমষ্টিৰ জিলা পৰিষদৰ আসন ১৯ খন, আঞ্চলিক পঞ্চায়তৰ আসন ৯ খন আৰু গাঁও পঞ্চায়তৰ সংখ্যা মুঠ ৮৩ খন নিৰ্ণয় কৰি খচৰা সমষ্টি তালিকা প্ৰকাশ কৰিছে ।

জিলা পুনৰ নিৰ্ধাৰণ আয়োগৰ হৈ জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নিৰ্বাচনী বিষয়াৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশনাটোৰ জৰিয়তে প্ৰকাশ কৰা সমষ্টি অনুসৰি ঢকুৱাখনা বিধানসভা সমষ্টিৰ হাৰ্হি জিলা পৰিষদ সমষ্টিতো বিলুপ্ত কৰি পূব ঢকুৱাখনা- মাতমৰা জিলা পৰিষদ নামৰ এটা নতুন জিলা পৰিষদ সমষ্টি গঠন কৰা হৈছে ।

পূৰ্বৰ হাৰ্হি জিলা পৰিষদৰ অন্তৰ্গত শিঙিয়া আৰু হাৰ্হি পঞ্চায়ত দুখন পূব ঢকুৱাখনা মাতমৰা নামৰ প্ৰস্তাৱিত নতুন জিলা পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে। তেনেকৈ ধেনুষণা বাটমাৰী আৰু গন্ধিয়া গাঁও পঞ্চায়ত দুখন ঘিলামৰা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে।

নতুন খচৰা সমষ্টিৰ তালিকা অনুসৰি সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ ফলত ঢকুৱাখনা বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পশ্চিম মাছখোৱা অঞ্চলৰ ৪ খন গাঁও পঞ্চায়ত দুভাগত বিভক্ত কৰি দুখন জিলা পৰিষদৰ অন্তৰ্ভুক্ত কৰিছে। ইয়াকে লৈ পশ্চিম মাছখোৱাবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে।

পশ্চিম মাছখোৱাবাসীৰ দাবী পূৰ্বৰ একত্ৰিত হৈ থকা ৪ খন গাঁও পঞ্চায়ত ক্ৰমে শিঙিয়া, হাৰ্হি, গন্ধিয়া আৰু ধেনুষণা বাটমাৰী পঞ্চায়ত কেইখন একেটা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্ত কৰিব লাগে। শিঙিয়া, হাৰ্হি, গন্ধিয়া আৰু ধেনুষণা বাটমাৰী পঞ্চায়ত কেইখন একেটা জিলা পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰ ঐক্যবদ্ধ দাবীত বৃহস্পতিবাৰে এক সৰ্বদলীয় ৰাজহুৱা সভাৰ আয়োজন কৰি আয়োগক অৱগত কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনসমূহে টঙালি বন্ধা বুলি জনা গৈছে।

ইপিনে পূৰ্বৰ ঢকুৱাখনা জিলা পৰিষদ সমষ্টিতো বিলুপ্তি ঘটাই পশ্চিম ঢকুৱাখনা নামৰ এটা নতুন জিলা পৰিষদ সমষ্টি গঠন কৰা হৈছে। পূৰ্বৰ ঢকুৱাখনা আৰু ঘিলামৰা জিলা পৰিষদ সমষ্টিৰ একাংশ গাঁও পঞ্চায়তকলৈ গঠন কৰা হৈছে এইটো সমষ্টি।

তথ্য মতে কেঁকুৰী, সোনাৰী চাপৰি,মধ্য ঢকুৱাখনা, ডাংধৰা আৰু ডিমৰুগুৰি গাঁও পঞ্চায়তসমূহক নতুনকৈ প্ৰস্তাৱিত পশ্চিম ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে, সদ্য প্ৰকাশিত এই খচৰা সমষ্টি গঠন তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি তথা পৰামৰ্শ থাকিলে ১৮ ছেপ্টেম্বৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিব পাৰিব।

১৯ ছেপ্টেম্বৰত এইসন্দৰ্ভত সকলো স্বীকৃতি প্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সভা অনুষ্ঠিত কৰিব আয়োগে। পৰৱৰ্তী সময়ত অহা ২৭ছেপ্টেম্বৰত এই খচৰা সমষ্টিৰ গঠনৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব বুলি জিলা প্ৰশাসনৰ শীর্ষ সূত্ৰই জানিবলৈ দিছে ।