বিহপুৰীয়াত ড্ৰাগছ আসক্ত যুৱকক আঠু কঢ়ালে গাওঁৰক্ষী বাহিনীয়ে... 
লখিমপুৰ

বিহপুৰীয়াত ড্ৰাগছ আসক্ত যুৱকক আঠু কঢ়ালে গাওঁৰক্ষী বাহিনীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহপুৰীয়া: আজি বিহপুৰীয়াত গাওঁৰক্ষী বাহিনীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ আসক্ত যুৱকক। বিহপুৰীয়া এগৰাকী প্ৰাক্তন সৈনিক তথা মৰনৈ গাওঁৰক্ষী বাহিনীৰ নায়ক হজৰত আহমেদৰ নেতৃত্বত বিহপুৰীয়া নগৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷

আজি বিয়লি বিহপুৰীয়া নগৰৰ সমীপৰ মৰনৈ গাৱঁত এজন ড্ৰাগছ আসক্ত যুৱকক খেদি খেদি কৰায়ত্ত কৰে গাওঁৰক্ষী বাহিনীয়ে৷ গাওঁৰক্ষী বাহিনীৰ পৰা ৰক্ষা পাবলৈ ড্ৰাগছ সৰবৰাহকাৰীটোৱে পুখুৰীত জাপ দিয়ে যদিও ৰক্ষা নাপালে।

ধৃত ড্ৰাগছ আসক্ত যুৱকজনৰ নাম আল্লাউদ্দিন। গাওঁৰক্ষীবাহিনীয়ে যুৱকজনক আঠু কঢ়াই আগলৈ ড্ৰাগছ সেৱন নকৰাৰ প্ৰতিশ্ৰুতি আদায় কৰি অভিভাৱকক চমজাই দিয়ে। অৱশ্যে পৰবৰ্তী সময়ত ছাগলী চুৰিৰ অভিযোগত অভিযুক্ত এই যুৱক জনক বিহপুৰীয়া আৰক্ষীয়ে আটক কৰে ৷

যুৱক জনৰ পৰা এটা চিৰিঞ্জ আৰু সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে গাওঁৰক্ষী বাহিনীৰ দলটোৱে ৷ উল্লেখযোগ্য যে সম্প্ৰতি বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বেহাই গা কৰি উঠাৰ সময়তে একাংশ সচেতন ব্যক্তি আৰু গাওঁৰক্ষী বাহিনী এই বেহা ৰোধ কৰিবলৈ উঠি পৰি লাগিছে ৷