ঢকুৱাখনাত নিষিদ্ধ দ্ৰব্যসহ যুৱক গ্ৰেপ্তাৰ... 
লখিমপুৰ

ঢকুৱাখনাত নিষিদ্ধ দ্ৰব্যসহ যুৱক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰত শুকুৰবাৰে সন্ধিয়া এটা ড্ৰাগছ বেপাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয়।ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদ্বীপ গগৈৰ নেতৃত্বত উপ- পৰিদৰ্শক গৌৰৱ ভূমিজ আৰু ঢকুৱাখনা থানাৰ আৰক্ষীৰ সহযোগত সদৰ চাৰিআলিত চলোৱা নাকা চেকিংৰ সময়ত ৬ টা সন্দেহজনক হেৰইন ভৰ্তি কণ্টেইনাৰসহ ৬ টা খালী কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মানিকপুৰ গাঁৱৰ মফিজুদ্দিন আলিৰ পুত্ৰ তৈয়েব আলি (২২) নামৰ ড্ৰাগছ বেপাৰীটোৱে এ এছ ২৩/কিউ/৯১৪৪ নম্বৰৰ এখন মাৰুটি এলট' গাড়ীৰে ঢকুৱাখনা সদৰ অভিমুখে আহি থকা অৱস্থাত সদৰ থানাৰ আৰক্ষীয়ে তালাচী চলাই উক্ত পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

গাড়ীখনত আৰু দুজন যুৱক আছিল যদিও সেই দুজন যুৱক পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে ড্ৰাগছখিনিৰ ওজন প্ৰায় ১১.৫৮ গ্ৰাম হ'ব।আৰক্ষীয়ে গাড়ীসহ ড্ৰাগছখিনি জব্দ কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে ঘৰুৱা ব্যৱহার্য সামগ্ৰী বিক্ৰীৰ অচিলা লৈ এই যুৱকজনে অন্য সহযোগীৰ সহযোগত গ্ৰামাঞ্চলত মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি আহিছিল বহু দিন ধৰি। আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি থকা এই ড্ৰাগছ বেপাৰীটোক শুকুৰবাৰে সন্ধিয়া গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঢকুৱাখনা আৰক্ষী। ধৃত ড্ৰাগছ বেপাৰীটোৰ পিতৃ আকৌ ঢকুৱাখনা নগৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি।