লখিমপুৰ

সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে

Asomiya Pratidin

ডিজিটেল সংবাদ,লখিমপুৰঃ লখিমপুৰৰ বঙালমৰাত ভংয়কৰ কাণ্ড ৷ ড্ৰাগছ সৰবৰাহকাৰী কিশোৰীক আটক ৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকীক ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰিছিল পিতৃয়ে ৷

১ নং আহমেদপুৰৰ বাসিন্দা আব্দুল আলিয়ে ড্ৰাগছ সৰবৰাহত জড়িত কৰাইছিল কিশোৰী গৰাকীক ৷ ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী কিশোৰী গৰাকীৰ লগতে ক্ৰেতা ছাইফুল ইছলাম আৰু হুছেইন আলি নামৰ যুৱকদ্বয়ক কৰায়ত্ত কৰি বঙালমৰা আৰক্ষীক চমজাই দিয়ে ৷