ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত ড্ৰাগছ ষ্ট'ৰ উদ্বোধন... 
লখিমপুৰ

ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত ড্ৰাগছ ষ্ট'ৰ উদ্বোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ এটা দীৰ্ঘদিনীয়া অভাৱৰ বৃহস্পতিবাৰে স্থায়ী সমাধান ঘটিল। সদাব্যস্ত চৰকাৰী চিকিৎসালয়খনৰ এটা সুকীয়া উপযুক্ত ঔষধ ভঁৰাল নথকাৰ বাবে সীমাহীন সমস্যাৰ মাজেৰে চিকিৎসালয় কৰ্তৃপক্ষই ঔষধ মজুত ৰাখিব লগা হৈছিল। 

এখন চিকিৎসালয়ৰ এটা গুৰুত্বপূৰ্ণ অংশৰ এনে অভাৱ সন্দৰ্ভত অৱগত হৈ মিচিং স্বায়ত্ব শাসিত পৰিষদে এই অভাৱ দূৰীকৰণ কৰাৰ সিদ্ধান্ত ল'লে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৰ বিশেষ উদ্যোগত পৰিষদৰ ২০২১-২০২২ বিত্তীয় বর্ষৰ প্ৰায় ৩০ লাখ পুঁজিৰে এটা স্থায়ী বিজ্ঞানসন্মত ঔষধ ভঁৰালগৃহ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। 

চিকিৎসালয় চৌহদৰ ভিতৰত নিৰ্মিত এই গৃহটো বৃহস্পতিবাৰে চিকিৎসালয় কৰ্তৃপক্ষৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। এই সন্দৰ্ভত চিকিৎসালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি, সন্মিলিত গনশক্তি অসম দলৰ সম্পাদক ৰাজু খনিকৰ, মুকুন্দ বৰুৱা,লক্ষ্য নাথ দলে, মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতা যতীন পেগু, বৃগেন দলে , ৰাজীৱ দলে আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

এক মাংগলিক পৰিবেশত পৰিষদৰ অধ্যক্ষ পেগুৱে নৱনির্মিত ভঁৰাল গৃহৰ মুখ্য দ্বাৰৰ ফিটা কাটি উদ্বোধন কৰি কৰ্তৃপক্ষৰ হাতত গৃহটি অৰ্পণ কৰে। উল্লেখযোগ্য যে পৰিষদৰ তৰফৰ পৰা চিকিৎসালয়খনৰ নৈশ কৰ্তব্যত থকা চিকিৎসকসকলৰ জিৰণি লোৱাৰ বাবে ইতিপূৰ্বে এটা জিৰণি গৃহ নিৰ্মাণ কৰি দিছে।

চিকিৎসালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি উপলব্ধ কৰাত পৰিষদে যথোচিত গুৰুত্ব আৰোপ কৰিছে। কিন্তু সকলো বিভাগৰ পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসক চৰকাৰে আৰু স্বাস্থ্য বিভাগে মহকুমা অসামৰিক চিকিৎসালয়খনত নিযুক্তি নিদিয়াত এনেবোৰ সা-সুবিধা কাৰ্যতঃ বগা হাতীলৈ পৰ্যবসিত হোৱাৰেই আশা সৰ্বাধিক।

জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ আঁতৰৰ এইখন চিকিৎসালয়ৰ এনে বিশেষজ্ঞ চিকিৎসকৰ বহুদিনীয়া অভাৱ সমস্যাৰ আঁতৰোৱাৰ ক্ষেত্ৰত প্ৰায়ে মুক বধিৰৰ ভূমিকা পালি আহিছে বিধায়ক নৱ দলেয়ে।