ঢকুৱাখনাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দুৰ্গা প্ৰসাদ আগৰৱালাৰ বিয়োগত শোক... 
লখিমপুৰ

ঢকুৱাখনাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দুৰ্গা প্ৰসাদ আগৰৱালাৰ বিয়োগত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰৰ প্ৰতিষ্ঠিত হাৰ্ডৱেৰ ব্যৱসায়ী, মেচাৰ্ছ আগৰৱালা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী বৰ্ষীয়ান নাগৰিক দুৰ্গা প্ৰসাদ আগৰৱালাৰ বিয়োগ ঘটিছে। প্ৰায় ৮৩ বছৰ বয়সীয়া বিশিষ্ট ব্যৱসায়ীগৰাকী কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। 

মঙলবাৰে চিকিৎসাধীন অৱস্থাত সন্ধিয়া প্ৰায় ৭- ১৭ বজাত আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত আগৰৱালাই পত্নী সংগীতা দেৱী, পুত্ৰ নীৰাজ আগৰৱালাসহ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়। 

প্ৰতিষ্ঠিত বয়স্ক ব্যৱসায়ীগৰাকীৰ বিয়োগত ঢকুৱাখনা ব্যৱসায় সন্থা,চাৰিকড়িয়া শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিযে গভীৰ শোক প্ৰকাশ কৰিছে। ঢকুৱাখনা ব্যৱসায় সন্থাৰ জ্যেষ্ঠ উপদেষ্টা,ঢকুৱাখনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া, ধৰ্মপ্ৰাণ নাগৰিক আগৰৱালাৰ বিয়োগত ঢকুৱাখনা ব্যৱসায় সন্থাৰ সম্পাদক পূৰ্ণ চুতীয়াই গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰিছে।

চুতীয়াই আগৰৱালাৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই বুধবাৰে পুৱাৰ পৰা বিয়লি ২বজালৈ ঢকুৱাখনা সদৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। ঢকুৱাখনাৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত প্ৰবীণ নাগৰিক আগৰৱালাৰ বিয়োগত ঢকুৱাখনাত শোকৰ বন্যা প্ৰবাহিত হৈছে।