২৩ বছৰীয়া ধাৰাবাহিকতাৰে বেবেজীয়া চাৰিআলিত দুৰ্গোৎসৱৰ প্ৰস্তুতি... 
লখিমপুৰ

২৩ বছৰীয়া ধাৰাবাহিকতাৰে বেবেজীয়া চাৰিআলিত দুৰ্গোৎসৱৰ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা পূজাৰ পূজন বন্দনাৰ মহা আয়োজন চলিছে ঢকুৱাখনাতো। ঢকুৱাখনা সমজিলাৰ প্ৰায় ৮ টা স্থানত এইবাৰ দেৱী দুর্গাৰ পূজা অৰ্চনাৰ ব্যাপক প্ৰস্তুতি চলিছে।

তদ্রুপ ভাবে বিগত ২৩ বছৰীয়া ধাৰাবাহিক পৰম্পৰা অব্যাহত ৰাখি এইবাৰো বৃহত্তৰ মৰনৈ অঞ্চলৰ বেবেজীয়া চাৰিআলিত মহা আয়োজন চলিছে দেৱী দুর্গা পূজাৰ। বেবেজীয়া চাৰিআলি ব্যৱসায় সন্থাৰ উদ্যোগত ভক্তগণৰ সহযোগত ২৩ সংখ্যক শ্ৰীশ্ৰী মা দুৰ্গাপূজা ভাগি অহা ৮,৯,১০,১১ আৰু ১২ অক্টোবৰত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যৱস্থা কৰা হৈছে ।

সুদৃশ্যমান দেৱী প্ৰতিমা আৰু পূজা মণ্ডপৰ লগতে সকলো কাম আটক ধুনীয়াকৈ সম্পন্ন কৰি উদযাপন সমিতিয়ে দর্শনাৰ্থী তথা ভক্ত প্ৰাণ ৰাইজে যাতে কোনোধৰণৰ অসুবিধাৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে যথোচিত সৰ্তকতা অৱলম্বন কৰিছে সম জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি।

উদযাপন সমিতিৰ সভাপতি অনিল সিং আৰু সম্পাদক উজ্জ্বল দাসে দেৱী পূজাৰ আটাইকেইতা দিনৰ পূজন, বন্দন কাৰ্যসূচীত ভক্ত প্ৰাণ ৰাইজৰ লগতে দর্শনাৰ্থীৰ উৎসাহপূৰ্ণ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।