লখিমপুৰ

প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ ৯৩ সংখ্যক ওপজা দিন

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তথা বিশিষ্ট সমাজসেৱক প্ৰেমধৰ বৰাৰ শনিবাৰে ৯৩ সংখ্যক ওপজা দিন ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈ শিক্ষামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা প্ৰেমধৰ বৰাৰ জন্মদিনটি আজি অতি উলহ মালহেৰে উদযাপন কৰা হয় ৷

বিহপুৰীয়াৰ খ’ৰা শংকৰ মন্দিৰত প্ৰেমধৰ বৰাৰ ওপজা দিন উপলক্ষে ৰাজহুৱা সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় ৷ সম্প্ৰীতি বৰাই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগতে শুভাকাঙ্খী তথা ৰাইজে অংশ গ্ৰহণ কৰে ৷ ১৯৬২ চনত বিহপুৰীয়াৰ পৰা বিধান সভাৰ নিৰ্বাচনত নিৰ্দলীয় হিচাবে প্ৰতিদণ্ডিতা কৰি পৰাজয় বৰণ কৰা প্ৰেমধৰ বৰাই ১৯৬৭, ১৯৭২, ১৯৭৮ আৰু ২০০১ চনত বিহপুৰীয়াৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷

বিহপুৰীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে ওতঃপ্ৰোত জড়িত থকা প্ৰেমধৰ বৰাই বৰ্তমানে খ’ৰাত অৱস্থিত সেই সময়ৰ খ’ৰা উচ্চ মাধমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিল ৷ বিশিষ্ট সমাজসেৱকগৰাকীৰ ওপজা দিনটো প্ৰতিবছৰেই বিহপুৰীয়াবাসীয়ে উদযাপন কৰি আহিছে ৷ আজি ৰাইজ তথা শুভাকাঙখী সকলে চেলেং , গামোচা , সফুৰা , ফুলৰ থোপা , বস্ত্ৰ , গ্ৰন্থ , সম্বৰ্ধনা পত্ৰৰে প্ৰেমধৰ বৰাক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে ৷

প্ৰকাশ ছেত্ৰীয়ে আঁতধৰা আৰু প্ৰাক্তন বিধায়ক কেশৰাম বৰাই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰূপ জ্যোতি চৌধুৰী , অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে ড° ৰাজেন্দ্ৰনাথ সভাপণ্ডিত , জীৱ কান্ত বৰা , খগেন শইকীয়া ডিম্বেশ্বৰ সোনোৱাল, নাচনিপাৰ সত্ৰৰ সত্ৰাধিকাৰ মোহন গোস্বামী , অৱসৰপ্ৰাপ্ত শিক্ষক হেমচন্দ্ৰ গোস্বামী আদি এলেঙী সত্ৰৰ ডেকা সত্ৰীয়া বিমলদেৱ মহন্ত , স্মৃতিসুৰ্য গোলোক চন্দ্ৰ হাজৰিকাই অংশ গ্ৰহণ কৰি ভাষন প্ৰদান কৰি প্ৰেমধৰ বৰাই বিগত সময়ছোৱাত সমাজ জীৱনলৈ আগবঢ়োৱা কৰ্মৰাজিৰ ওপৰত বহল ব্যাখ্যা কৰি তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৷

ইপিনে ৰাইজে বিচাৰিলে ৰুগ্ন শৰীৰ স্বত্বেও ২০২৬ চনতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা পুহি ৰখা প্ৰেমধৰ বৰাই নিৰ্মীয়মাণ যোৰহাট-মাজুলী আৰু মাজুলী-বিহপুৰীয়া সংযোগী দলঙেৰে যোৰহাটলৈ যোৱাৰ আশা ব্যক্ত কৰে জন্মদিনৰ দিনা ৷ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ বিৰোধিতাৰে বিধায়ক পদৰ পৰা ইস্তফা দি এক শক্তিশালী ৰাজনৈতিক নেতা হিচাবে পৰিচয় দিয়া প্ৰেমধৰ বৰা আজিও গান্ধীবাদী আদৰ্শত প্ৰবল বিশ্বাসী ৷ আজিৰ অনুষ্ঠানত বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়প্ৰকাশ মহন্ত , মৃদুল কুমাৰ ভুঞা , ৰূপক বৰা , জিতু বৰা , অৰুণ বৰা , বুবুল বৰা , সোনাৰাম শইকীয়া , অনিল বৰা , লোহিত বৰা , ঠগিৰাম হাজৰিকা , খগেন হাজৰিকা , দুৰ্গেশ্বৰ বৰা , গোলাপ বৰাৰ লগতে আন বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷