বঙালমৰাত শেষ হোৱা নাই নকল সোণৰ বেহাঃ পুনৰ গ্ৰেপ্তাৰ ব্যৱসায়ী... 
লখিমপুৰ

বঙালমৰাত শেষ হোৱা নাই নকল সোণৰ বেহাঃ পুনৰ গ্ৰেপ্তাৰ ব্যৱসায়ী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ বঙালমৰাত শেষ হোৱা নাই নকল সোণৰ ব্যৱসায়। দেশজুৰি নকল সোণৰ সৰবৰাহৰ ঘাটি এই বঙালমাৰত পুনৰ উদ্ধাৰ হৈছে নকল সোণ। মঙলবাৰে নিশা নাওবৈচাৰ বঙালমৰাত আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে নকল সোণ আৰু নগদ ধন।

উল্লেখ্য যে, জোনমণি ৰাভা কাণ্ডৰ পাছতে বঙালমৰাৰ নকল সোণৰ সাম্ৰাজ্যখনৰ বিষয়ে ব্যাপক ভাৱে চৰ্চা হৈছিল আৰু জিলাখনত আনন্দ মিশ্ৰই আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাছতেই বহু নকল সোণৰ ব্যৱসায়ীয়ে আৰক্ষী থানালৈ নিজেই আহি আত্ম সমৰ্পণ কৰিছিল।

বহুতেই ধাৰণা কৰিছিল হয়তো এইবাৰ বঙালমৰাত পৰা নকল সোণৰ ব্যৱসায়ৰ অন্ত পৰিব। কিন্তু তাৰ পাছতো বঙালমৰাত নকল সোণৰ ব্যৱসায় চলিয়েই থাকিল। নাওবৈচাত আৰক্ষীয়ে অভিযান চলাই ১নং আহমেদাপুৰৰ পৰা গ্রেপ্তাৰ কৰিছিল মিৰাজ আলী নামৰ নকল সোণৰ ব্যৱসায়ীটোক।

এই মিৰাজ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মহঘুলিত পুনৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাছিম উদ্দিন নামৰ এটা ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। এই অভিযানতে নাছিম উদ্দিনৰ বাসগৃহৰ পৰা জব্দ কৰে নকল সোণ আৰু নকল নাওসহ নগদ ৫০ হাজাৰ টকা।