ফাটবিহুৰ বিভিন্ন প্ৰতিযোগিতাৰ নামভৰ্তিৰ বাবে প্ৰচাৰ সমিতিৰ আহ্বান... 
লখিমপুৰ

ফাটবিহুৰ বিভিন্ন প্ৰতিযোগিতাৰ নামভৰ্তিৰ বাবে প্ৰচাৰ সমিতিৰ আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনীয়া ৰাইজৰ হিয়াৰ স্পন্দন তথা সমন্বয়ৰ  লোক মহোৎসৱ ফাট বিহু। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱেৰে  উদ্ভাসিত ঢকুৱাখনাৰ ম'হঘুলি চাপৰি। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণেৰে শতিকা জুৰি উদযাপিত হৈ আহিছে এই ফাটবিহু।

শতিকা গৰকা এই সাংস্কৃতিক লোক উৎসৱতি চলিত বৰ্ষৰ ২৭, ২৮ আৰু ২৯ ব'হাগ ইংৰাজী ১০, ১১ আৰু ১২ মেত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপনৰ দিহা কৰা হৈছে। ফাটবিহুৰ প্ৰচাৰ আৰু যোগাযোগ উপ-সমিতিৰ সভাপতি দিলীপ কুমাৰ কোঁৱৰ, সম্পাদক ক্ৰমে আকাশ জ্যোতি লাহন, ত্রিনয়ন ভৰালীয়ে আগ্ৰহী প্ৰতিযোগী দলসমূহৰ প্ৰতিযোগিতাৰ নিয়মাৱলী আৰু পুৰস্কাৰ সন্দৰ্ভত অৱগত কৰিছে।

প্ৰচাৰ উপ-সমিতিযে জনোৱা মতে প্রতিটো বিহুদলত ২১ জন আৰু সৰ্বাধিক ৩০ জন বিহুৱা-বিহুৱতী থাকিব লাগিব।বিহু দলৰ সাজ-পোচাক অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সম্বলিত হ'ব লাগিব।

বিহুদলসমূহৰ পৰাই বিহুৱা-বিহুৱতীৰ লগতে ঢুলীয়া, পেঁপাবাদক নিৰ্বাচন কৰা হ'ব।পূর্ণবয়স্ক বিহু প্রতিযোগিতাত বিবাহিতা মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰিব। টকা বিহু এখন গাঁৱৰ পৰা দুটা দলতকৈ বেছি হ'ব নালাগিব লগতে বিহু দলত ক্ৰমেও ২৫ৰ পৰা সৰ্বাধিক ৩০ গৰাকী বিহুৱতী থাকিব লাগিব।

মুকলি বিহু প্রতিযোগিতাত সকলো পুৰুষ-মহিলাই অংশগ্ৰহণ কৰিব পাৰিব। প্রতিযোগী দলসমূহে দিনৰ ভাগত অর্থাৎ সন্ধিয়া ৫ বজাৰ আগতেই যোগদান নিশ্চিত কৰিব লাগিব। প্রতিযোগিতাত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলৰ নামৰ তালিকা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ দিনৰ ২ ঘণ্টাৰ আগতে কার্যালয়ত জমা দিব লাগিব।

ইপিনে প্ৰতিযোগিতাৰ পুৰস্কাৰ আৰু যোগদান মাচুল সন্দৰ্ভত প্ৰচাৰ সমিতিযে ঘোষণা কৰিছে। যোগদানৰ মাচুল (সকলো জনগোষ্ঠীৰ বাবে) চেমনীয়া বিহু ১০০ টকা, পূর্ণবয়স্ক বিহু ১০০ টকা, টকা বিহু ১০০ টকা, পুৰস্কাৰ শিতানত প্ৰথম পুৰস্কাৰ ১৫ হাজাৰ টকাৰ লগতে চলন্ত ট্রফী, দ্বিতীয় পুৰস্কাৰ ১০ হাজাৰ টকাৰ লগতে চলন্ত ট্রফী,তৃতীয় পুৰস্কাৰ ৫ হাজাৰ টকাৰ লগতে ট্রফী থাকিব।

অংশগ্রহণকাৰী প্ৰতিযোগীদলসমূহে আগতীয়াকৈ যোগদানৰ বাবে ৮১৩৫৮৪২৩৯৯, ৮৪৭২৮৮৮৯৯০, ৯১০১০৭৯৪২৪, ৯৮৬৪২৩২৬৪১ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।