ঢকুৱাখনাত বিয়াৰ অভ্যৰ্থনাৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড... 
লখিমপুৰ

ঢকুৱাখনাত বিয়াৰ অভ্যৰ্থনাৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বৰখামন গাঁৱত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। গাঁওখনৰ প্রিয় নাথ পেগু আৰু যমুনা পেগুৰ ঘৰত বিয়াৰ অভ্যৰ্থনা চলি থাকোতেই অকস্মাত সংঘটিত হয় এই অঘটন।

বিয়াৰ আনন্দ উল্লাসৰ মাজতে পাকঘৰৰ ভিতৰত হঠাৎ সূত্ৰপাত ঘটে অগ্নিকাণ্ড। নিমিষতে জুইৰ শিখাই খেৰৰ পাকঘৰটো চানি ধৰাত সমগ্ৰ ঘৰটো জুইত জাহ যায়। ফলত ঘৰৰ ভিতৰত থকা সকলো সা-সামগ্ৰী ভস্মীভূত হয় ।

উপস্থিত ৰাইজৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ হয় আৰু বহু সময়ৰ পাছত গৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ক্ষয়-ক্ষতিৰ পৰিমাণ আৰু জুইৰ উৎসৰ কাৰণ অদ্যপি জানিব পৰা হোৱা নাই।