লখিমপুৰ

লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঘিলামৰা সচেতন নাগৰিক সমাজ গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঘিলামৰাঃ লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ আৰু ঘিলামৰা আহ্বায়ক মণ্ডলীৰ সহযোগত শনিবাৰে দিনত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। অৱসৰী প্ৰধান শিক্ষক ডিম্বেশ্বৰ চেতিয়াৰ সভাপতিত্বত আৰু আহ্বায়ক সুভাষ দিহিংগীয়াই আঁত ধৰা ৰাজহুৱা সভাত উপস্থিত থাকি লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সাধাৰণ সম্পাদক চাজাদ হাজৰিকাই জিলা সচেতন নাগৰিক সমাজৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে।

লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰেৱত চন্দ্ৰ গগৈ, কাৰ্যকৰী সভাপতি ইন্দ্ৰ গগৈ, সহকাৰী সম্পাদক হৰি নাৰায়ন গগৈ, বিত্তীয় সম্পাদক মনধৰ গগৈ, কাৰ্যকৰী সদস্য ৰতন বৰদলৈ উপস্থিত থাকি সচেতন নাগৰিক সমাজৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কে মতপোষণ কৰে। ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ চন্দ্ৰ গোঁহাই, সমাজকৰ্মী দেৱেন ফুকন, প্ৰেম গগৈ, ভোগেশ্বৰ লাহন, অৱসৰী প্ৰধান শিক্ষক গিৰীশ দত্ত, তুলসী প্ৰসাদ শইকীয়া, অৱসৰী শাৰীৰিক নিৰ্দেশক পৰমানন্দ বৰুৱাকে প্ৰমুখ্য কৰি ঘিলামৰা অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি সভাত উপস্থিত থাকে।

ৰাজহুৱা সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ঘিলামৰা নগৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ চেতিয়াক সভাপতি, সমাজকৰ্মী দেৱেন ফুকনক কাৰ্যকৰী সভাপতি, যুৱ সমাজকৰ্মী সুভাষ দিহিংগীয়াক সাধাৰণ সম্পাদক, সমাজকৰ্মী প্ৰেম গগৈ, দিপক দত্ত আৰু অন্নদা বৰগোহাঁইক সহকাৰী সম্পাদক, ভোগেশ্বৰ লাহন আৰু পৰমানন্দ বৰুৱাক উপ সভাপতি হিচাপে লৈ ২১জনীয়া সদস্যৰে ঘিলামৰা আঞ্চলিক সচেতন নাগৰিক সমাজ গঠন কৰা হয়।