লখিমপুৰ

ঢকুৱাখনাত অগপৰ বিধান পৰিষদৰ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক শক্তি অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বিষয়ববীয়া সভা বৃহস্পতি বাৰে অনুষ্ঠিত হৈ যায়। ঢকুৱাখনা বিধান পৰিষদৰ স্থায়ী কাৰ্য্যালয় ভৱনত দুপৰীয়া অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিধান পৰিষদৰ আহ্বায়ক সমিতিৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাই।

সমিতিৰ অন্যতম সাধাৰন সম্পাদক সমুজ্জল চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমূহ আঞ্চলিক সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববিয়া উপস্থিত থাকে। সভাত উপস্থিত থাকি দলৰ সাংগঠনিক বুনিয়াদ সবলীকৰণৰ হেতু প্ৰতিখন আঞ্চলিক সমিতিৰ পুনৰ গঠন আৰু সক্ৰিয়কৰণ সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মহেশ দলে, বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি দুলাল দত্ত, মহিলা পৰিষদৰ সভানেত্ৰী ৰূপাঞ্জলী চুতীয়া, সম্পাদক সমুজ্জল চেতিয়াকে প্ৰমুখ্য কৰি বহু কেইগৰাকী দলীয় নেতৃত্বই।

সভাতেই বিধান পৰিষদৰ অন্তৰ্গত মুঠ ২২খন আঞ্চলিক সমিতি সক্ৰিয়কৰণ আৰু পুনৰ গঠনৰ লক্ষ্যৰে ৩৯ গৰাকী দলীয় পৰ্যবেশকক নিযুক্তি দি সাংঠনিক দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে, অহা ১০ দিনৰ ভিতৰত দলৰ সকলো আঞ্চলিক সমিতি পুনৰগঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পৰৱৰ্তী সময়ত ঢকুৱাখনা বিধান পৰিষদৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হ'ব।

আঞ্চলিক ৰাজনৈতিক শক্তিটোৰ ভেঁটি মজবুত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা ঢকুৱাখনা সমষ্টিত নৱগঠিত আহ্বায়ক সমিতিখনে নাগৰিকৰ বিশ্বাস আৰু আস্থা ভাজন হ'ব পৰাকৈ যথোচিত কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সক্ষম হলে নিশ্চিত ভাবে পূৰ্বৰ শক্তিশালী স্থিতিলৈ দলটো প্ৰত্যাবৰ্তন ঘটাতো আশা কৰিব পাৰি ।