মহাত্মা গান্ধী, জৱহৰলাল নেহৰুক তুচ্ছ তাচ্ছিল্য ঘিলামৰাৰ গেৰুৱাকৰ্মীৰ... 
লখিমপুৰ

মহাত্মা গান্ধী, জৱহৰলাল নেহৰুক তুচ্ছ তাচ্ছিল্য ঘিলামৰাৰ গেৰুৱাকৰ্মীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: জাতিৰ পিতা মহামানব মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰুক সামাজিক মাধ্যমত তুচ্ছ তাচ্ছিল্য কৰিবলৈ ধৃষ্টতা কৰিছে ঘিলামৰাৰ এগৰাকী অবিবেচকী গেৰুৱা কৰ্মীয়ে। স্বাধীন ভাৰতৰ নিৰ্মাতা, দুই মহান প্ৰাতঃস্মৰণীয় ব্যক্তিৰ প্ৰতি অপমানসূচক আৰু অভব্য মন্তব্য কৰা ক্ষমতান্ধ বিজেপি কৰ্মীগৰাকী হৈছে নব কান্ত পেগু ।

এইগৰাকী অবিবেচকী যুৱমৰ্চাৰ কৰ্মীয়ে অহিংসাৰ পূজাৰী,জাতিৰ পিতা আৰু স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৰ এখন যুগ্ম ফটো নিজৰ ফেচবুক একাউন্টত সংলগ্ন কৰি অতি অপমান সূচক মন্তব্য ব্যক্ত কৰিছে। "লোকচক্ষুৰ আঁৰত দুই ব্যক্তিৰ মাজত হোৱা সবাতোকৈ ভয়ানক আৰু বিপদজনক চুক্তিখন" শীর্ষক কেপচন দি এইজন গেৰুৱা কৰ্মী পেগুৱে আৰু লিখিছে -"মোক আপুনি পণ্ডিত বনাই দিয়ক মই আপোনাক জাতিৰ পিতা বনাই দিম"।

সামাজিক মাধ্যম যোগে ভাইৰেল কৰা অবিবেচকী পেগুৰ এনে উন্নাসিক কাণ্ড পোহৰলৈ আনি আৰক্ষীৰ কাষ চাপিছে সোনাৰী চাপৰি মণ্ডল যুৱ কংগ্ৰেছে। সোমবাৰে এজাহাৰকাৰী সোনাৰী চাপৰি মণ্ডল যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি দেৱজিত পেগুৱে এই দুই কাণ্ডাৰীৰ প্ৰতি অপমানসূচক মন্তব্য কৰা গেৰুৱা দলৰ ঘিলামৰা যুৱমৰ্চাৰ দাম্ভিক বিষয়ববীয়া নৱ কান্ত পেগুৰ বিৰুদ্ধে সোমবাৰে গোচৰ ৰুজু কৰিছে।

সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত এজাহাৰ দাখিল কৰি দেৱজিত পেগুৱে এনে দুষ্কাৰ্য সন্দৰ্ভত উচিত তদন্ত কৰি যথাযোগ্য আইনগত শাস্তি বিহাৰ আহ্বান জনাইছে। ইপিনে সংবাদমাধ্যমৰ আগত লখিমপুৰ জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ সম্পাদক কেশৱ নাথে এয়া স্বাধীন ভাৰতবর্ষৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰতিও এজন কাণ্ডজ্ঞানহীন শিষ্টাচাৰ নজনা গেৰুৱা দলৰ কাৰ্যকর্তাই কৰা অক্ষমনীয় অপৰাধ আৰু অপমান বুলি অভিহিত কৰি এনে অমানৱীয় কাণ্ডত তীব্ৰ গৰিহণা দি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।