প্ৰকৃতিৰ ৰোষত ঘিলামৰাৰ শিক্ষানুষ্ঠানঃ গছ পৰি বিস্তৰ ক্ষতিসাধন বিদ্যালয়ৰ

প্ৰকৃতিৰ ৰোষত ঘিলামৰাৰ শিক্ষানুষ্ঠানঃ গছ পৰি বিস্তৰ ক্ষতিসাধন বিদ্যালয়ৰ

author-image
Asomiya Pratidin
New Update
প্ৰকৃতিৰ ৰোষত ঘিলামৰাৰ শিক্ষানুষ্ঠানঃ গছ পৰি বিস্তৰ ক্ষতিসাধন বিদ্যালয়ৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা: বুধবাৰে পুৱতি নিশা এজাক প্ৰচণ্ড ধুমুহাই বিধ্বস্ত কৰিলে ঘিলামৰা শিক্ষাখণ্ডৰ ৮০৫ নং ঘিলামৰা টাউন প্ৰাথমিক বিদ্যালয়খন। আজি পুৱতি নিশা অহা এজাক ধুমুহাত বিদ্যালয় চৌহদত থকা এডাল প্ৰকাণ্ড গছ উভালি বিদ্যালয়ত পৰা ফলত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি সাধন হয়।যাৰ ফলত নিয়মীয়া পাঠদান বাধাগ্ৰস্ত হোৱা দৃষ্টিগোচৰ হয়।

বুধবাৰে পুৱা বিদ্যালয়লৈ আহি প্ৰধান শিক্ষয়ত্ৰী আৰু অন্য শিক্ষাগুৰু সকলে এই বিধ্বস্ত অৱস্থা প্ৰত্যক্ষ কৰে। বিদ্যালয়খনৰ শ্ৰেণীকোঠাকে ধৰি অন্যান্য গৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বাবে বুধবাৰে শিক্ষাদানত বাধাৰ সৃষ্টি হয়।শিক্ষাৰ্থী সকলে শিক্ষা গ্ৰহণ কৰাত অসুবিধা হোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ উভতি যাব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ মেৰামতিৰ বাবে উৰ্ধতম মহলৰ সহযোগিতা কামনা কৰি অৱগত কৰিছে।বিধ্বস্ত বিদ্যালয় গৃহটো যাতে শিক্ষা বিভাগে সোনকালে মেৰামতিৰ ব্যৱস্থা কৰে তাৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে প্ৰধান শিক্ষয়ত্ৰীয়ে শিক্ষা বিভাগক আহ্বান জনাইছে।

Also Read: অনলাইন জুৱাৰ বজাৰ আৰু আমাৰ সমাজ

ghilamora