লখিমপুৰ

সোৱণশিৰিত ডুবিল 'এম টি বীৰদত্ত' জাহাজঃ কথমপি প্ৰাণৰক্ষা ১১ জনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,লখিমপুৰঃ লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত মঙলবাৰে জাহাজ দুৰ্ঘটনা সঘটিত হয়। দুৰ্ঘটনাটোত জাহাজখনত শুই থকা ১১ জনকৈ লোকৰ কোনোমতে জীৱন ৰক্ষা পৰে৷

মঙলবাৰে সন্ধিয়া পৰ্যন্ত অত্যাধুনিক যন্ত্ৰৰ সহায়ত সোৱণশিৰিত ডুবা জাহাজখন উদ্ধাৰৰ বাবে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে বহু চেষ্টা কৰে যদিও সন্ধিয়া পৰ্যন্ত জাহাজখন উদ্ধাৰ কৰিব নোৱাৰে৷

প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ ঘাগৰ-ঘূনাসুঁতি ঘাটত নৱেম্বৰ মাহৰ পৰা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে ৩৮০ কোটি টকীয়া পকী দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ চলাই আহিছে।সেই কামৰ বাবে বিগত প্ৰায় চাৰিদিনৰ পূৰ্বে গুৱাহাটীৰ পৰা কোটি টকীয়া এম টি বীৰদত্ত নামৰ যন্ত্ৰচালিত জাহাজখন নিৰ্মাণ সামগ্ৰী সৰবৰাহৰ বাবে ঘূনাসুঁতি ঘাঁটলৈ অনা হয়৷

সেইমৰ্মে প্ৰায় চাৰিদিন পূৰ্বে ঘূনাসুঁতি ঘাটত আহি পোৱা এম টি বীৰদত্তই সোৱণশিৰি নদীত পাইচাৰী কৰাৰ পিছত মঙলবাৰে ঘাগৰঘাটত ৰাখি থোৱাৰ সময়তে এই বৃহৎ দুখলপীয়া জাহাজখন কাহিলিপুৱাতে সোৱণশিৰি নদীত সম্পূৰ্ণৰূপে ডুব যায়৷

খবৰ অনুসৰি কোটি কোটি টকীয়া এই জাহাজখনৰ তলভাগত ফুটা থকাৰ বাবেই উক্ত ফুটাৰে পানী সোমাই জাহাজখন সোৱণশিৰিত ডুব যায়৷ এই ঘটনাৰ পিছতে মহাইজান অঞ্চলত হুৱাদুৱাৰ সৃষ্টি হয় যদিও দৈবক্ৰমে জাহাজখনত শুই থকা ১১ জন কৰ্মচাৰী মৃত্যুৰ পৰা ৰক্ষা পৰে৷

এই ঘটনাৰ পিছতে কোম্পানীটোৱে বিভিন্ন সা-সৰঞ্জামৰ সহায়ত জাহাজখন উদ্ধাৰৰ প্ৰচেষ্টা চলাইছে যদিও মঙলবাৰে সন্ধিয়া পৰ্যন্ত জাহাজখন সামান্য পৰিমাণেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উক্ত দুখলপীয়া জাহাজখন ঘাগৰ-ঘূনাসুঁতি ঘাটত নিৰ্মীয়মান পকী দলঙৰ সামগ্ৰী নদীৰ বুকুত সৰবৰাহৰ বাবেই কোম্পানীটোৱে লীজত অনা বুলি এক সূত্ৰই সদৰি কৰিছে৷ উল্লেখ্য যে ২০২৩ বৰ্ষতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা সোৱণশিৰি নদীৰ ঘাগৰ ঘূনাসুঁতি ঘাটৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়াও অতি লেহেমীয়া গতিতে আছে৷ অসম মালাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা দলংখনৰ মুঠ ৪১ টা খুটাৰ ভিতৰত কেইটামান খুটাহে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এটা খুটাও এই পৰ্যন্ত সম্পূৰ্ণ কৰিব পৰা নাই অনুপম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে৷