লখিমপুৰ

ছাত্ৰীক নিৰ্যাতন ! ৰঙাঘৰৰ আলহী হ'ল ধলপুৰৰ শিক্ষক

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহপুৰীয়া : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক নাৰী নিৰ্যাতনৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি ৰখাৰ সময়তে লখিমপুৰৰ বিহপুৰীয়াতো আন এক জঘন্য কাণ্ড পোহৰলৈ আহিছে ৷ জানিব পৰা মতে তৃতীয়, চতুৰ্থ শ্ৰেণীৰ একাধিক ছাত্ৰীক উৎপীড়নৰ অভিযোগত জে'ললৈ গ’ল কুশল দাস নামৰ এজন শিক্ষক।

বিহপুৰীয়াৰ গোঁসাইপুখুৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাৰ পিছতে শিক্ষাৰ্থীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীয়ে ধলপুৰৰ নিদানচোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে শিক্ষক কুশল দাসক।

বিহপুৰীয়া আৰক্ষী থানাত ৰুজু হোৱা 141/24 গোচৰত পস্কো আইনৰ অধীনত শুকুৰবাৰে জে'ললৈ প্ৰেৰণ লম্পট কুশল দাসক।