লখিমপুৰ

আৰক্ষীৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হাছিনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহপুৰীয়া: নকল সোণ আৰু জালনোটৰ প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে সতকাই সংবাদ মাধ্যম উত্তাল কৰি ৰখা লখিমপুৰৰ হাছিনা বেগম পুনৰ চৰ্চালৈ আহিছে৷ এছ আই জোনমণি ৰাভা কাণ্ডত নাম সাঙোৰ খোৱা হাছিনাই এইবাৰ আৰক্ষী বিষয়াৰ নাম লৈ ধন সংগ্ৰহত নামি পৰিছে ৷

অভিযুক্তক ৰক্ষণাবেক্ষণ দি আৰক্ষীৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে হাছিনা বেগমক। গুৱাহাটীৰ পৰা শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় হাছিনা বেগমক।

উল্লেখযোগ্য যে বঙালমৰাৰ সোণাপুৰৰ এটা পৰিয়ালৰ বিৰুদ্ধে থানাত নকল সোণ বেপাৰৰ গোচৰ আছে বুলি ভীতি প্ৰদৰ্শন কৰি আহিছিল হাছিনাই। পৰিয়ালটোক বঙালমৰা আৰু বিহপুৰীয়া থানালৈ লৈ গৈ আৰক্ষীৰ ভয় দেখুৱাই ধন দাবী কৰা হাছিনা আৰু তাইৰ দুই সহযোগীয়ে পৰিয়ালটোৰ পৰা প্ৰথমে ৭০ হাজাৰ টকা আদায় কৰে ৷

দুই দালালৰ সৈতে মিলি পুনৰ ২০ হাজাৰ টকা দাবী কৰি ১০ হাজাৰ টকা আদায় কৰিছিল। ইয়াৰ পাছতহে পৰিয়ালটোৱে আৰক্ষীৰ ওচৰলৈ গৈ গম পালে তেওঁলোকৰ বিৰুদ্ধে থানাত কোনো নকল সোণৰ গোচৰ ৰুজু হোৱা নাই।

সম্প্ৰতি আৰক্ষী বিষয়াৰ নামত ধন লোৱা হাছিনা সহ দুই দালাল ক্ৰমে নাচিৰুদ্দিন আৰু ফকৰুদ্দিনৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ দিছে মিনাল উদ্দিন নামৰ ভুক্তভোগীজনে। ধন উভতাই বিচৰা পৰিয়ালটোক হাছিনাই ফোনযোগে পুলিচৰ হতুৱাই উঠাই অনাৰ ভাবুকি দিয়ে। গোচৰ লোৱা আৰক্ষী বিষয়াকো দুদিনৰ ভিতৰত বদলি কৰি দিয়াৰ ভাবুকি দিছিল হাছিনাই।

হাছিনা বেগমৰ কু-কীৰ্তিৰ কল ৰেকৰ্ডিং আৰক্ষীৰ ওচৰত জমা দিলে পৰিয়ালটোৱে। কুখ্যাত হাছিনাক বিচাৰি দুদিন ধৰি অভিযান চলাইছিল আৰক্ষীয়ে। ইয়াৰ পিছতেই শুকুৰবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে হাছিনাক।