লখিমপুৰ

বাঁহপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মামণি দিহিঙীয়াৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : এক নিদাৰুণ,মৰ্মান্তিক ঘটনাই শোকাচন্ন কৰিছে সমগ্ৰ ঢকুৱাখনা অঞ্চল। মহকুমাটোৰ সোনাৰী চাপৰি অঞ্চলৰ এগৰাকী সমাজহিতৈষী মহিলা,বাঁহপৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মামণি দিহিঙীয়াৰ মৰ্মান্তিক আকস্মিক মৃত্যুৰ খবৰে বৃহস্পতিবাৰে পুৱাই প্ৰতিজন নাগৰিকৰ চকু সেমেকাই পেলাইছে।

ঘটনাৰ বিবৰণী অনুসৰি, সোনাৰী চাপৰি অঞ্চলৰ বাঁহপৰা গাঁৱৰ বাসিন্দা মহেশ বৰুৱাৰ পত্নী মামণি দিহিঙীয়াই বুধবাৰে নিশা প্ৰায় ১০-০০ বজাত পৰিয়ালৰ সৈতে স্বগৃহত নৈশ আহাৰ গ্ৰহণ কৰিছিল। বিধিৰ বিপাক,নৈশ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে হঠাৎ ডিঙিত ভাত লাগি ধৰাত সামান্য অসুস্থতাত ভোগে দিহিঙীয়া।

পৰৱৰ্তী সময়ত শ্বাস-প্ৰশ্বাসত অসুবিধাত ভুগি নিমিষতে মৰ্মান্তিক অকাল মৃত্যুক সাৱটি লয়। ঘটনাৰ আকস্মিকতাত বিব্ৰত আত্মীয় স্বজনক চিকিৎসাৰ ন্যূনতম সময়কণো নিদিয়াকৈ অনন্ত ধামলৈ গতি কৰা বিদূষী মহিলাগৰাকীৰ এনে অকাল মৃত্যুৰ খবৰ পাই স্থানীয় ৰাইজৰ আগমন ঘটে দিহিঙীয়াৰ বাসগৃহলৈ।

সমীপৰে বাঁহপৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিষ্ঠাবান আৰু আদৰ্শনীয় সেৱা আমৃত্যু আগবঢ়াই যোৱা ৪৭বছৰীয়া দিহিঙীয়াৰ মৰ্মান্তিক বিয়োগৰ খবৰে গৃহভূমিৰ লগতে সমগ্ৰ ঢকুৱাখনা মহকুমাত শোকৰ বন্যা বোৱাইছে । স্বামী মহেশ বৰুৱা,এগৰাকী কন্যা ,পুত্ৰ আৰু বোৱাৰীসহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত স্থানীয় বিভিন্ন ব্যক্তি ,সংগঠনৰ লগতে কৰ্মথলী বাঁহপৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছে।

শিক্ষানুষ্ঠানখনৰ সুস্থ পৰিচালনাৰ জৰিয়তে গ্ৰামাঞ্চলিয় শিক্ষাৰ্থী সকলক উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ়ি তোলাত আমৃত্যু আত্মনিয়োগ কৰি যোৱা দিহিঙীয়াৰ বিদেহ আত্মাৰ সদগতি কামনাৰে বৃহস্পতি বাৰে বিদ্যালয় পৰিয়ালে মৌন প্ৰাৰ্থনা জনাই। লগতে শোকবিহ্বল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।