লখিমপুৰ

ঢকুৱাখনাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত জব্দ কৰা হৈছে বুজন পৰিমাণৰ অৰুণাচলী সুৰা। দেওবাৰে ঘিলামৰা- ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ হিলৈদাৰীত এখন বিলাতী বাহনৰ পৰা জব্দ কৰা হৈছে সুৰাখিনি।

নদী দ্বীপ মাজুলীলৈ নিয়াৰ উদ্দেশ্যৰে সৰবৰাহ কৰা হৈছিল বুজন পৰিমাণৰ বিলাতী অবৈধ সুৰাখিনি। আক্ষৰিক অৰ্থত মাজুলী জিলাক ড্ৰাই জিলা হিচাবে ঘোষিত যদিও চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা মুকলি ভাবেই এই জিলালৈ অবৈধ সুৰাৰ সৰবৰাহ কৰি আহিছে চক্ৰটোই। এনে চোৰাং বেহা দেওবাৰে পোহৰলৈ আনে ঢকুৱাখনা আৰক্ষীয়ে । ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈযে গোপন সুত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সদৰ থানাৰ এটা সশস্ত্ৰ আৰক্ষীৰ দল লৈ ঘিলামৰা- ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ হিলৈদাৰী অংশত তালাচী চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত লটাক বালি গাঁৱৰ গণেশ্বৰ পাতিৰৰ পুত্ৰ মনোজ পাতিৰ ওৰফে ৰাকেশ পাতিৰে চলাই অহা এ এছ ০৭ ডব্লিউ ৩৮২০ নম্বৰৰ মাৰুটি এলত্ৰ গাড়ীখন জব্দ কৰি চলোৱা তালাচীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাড়ীখনৰ পাছত আসন খুলি মুঠ ২৭ কাৰ্টন অৰুণাচলী বিলাতী সুৰা আৰু ১৬ টা বিয়েৰ লৈ মাজুলী অভিমুখে বিদেশী সুৰাখিনি আনি থকা অৱস্থাত উদ্ধাৰ কৰে। পাছত ঢকুৱাখনা থানাত বৃহৎ পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা সুৰাখিনি জব্দ কৰি থানাত ৰাখে । এই সন্দৰ্ভত আৰক্ষীয়ে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰি ঢকুৱাখনা আৱকাৰী বিভাগৰ হাতত চমজাই দিয়ে ।

ধৃত অৰুণাচলী সুৰা বেপাৰীটোৱে গোগামুখৰ পৰা বৃহৎ পৰিমানৰ অৰুণাচলী সুৰাখিনি মাজুলীলৈ সৰবৰাহ কৰা বুলি সংবাদ মাধ্যমক জনাইছে । ইপিনে আৰক্ষীয়ে এ এছ ০৭ ইউ ৮৫৮৪ নম্বৰৰ এখন মাৰুটি ৱাগণআৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা একেলগে সৰবৰাহ কৰি অনা বুলি কৈ আৰক্ষীৰ দল দেখি গাড়ী ঘিলামৰা দিশে ঘূৰাই তীব্ৰ বেগত উভতি যায় বুলি গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অৱগত কৰে। ঢকুৱাখনা আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি আবকাৰী বিভাগক এক এজাহাৰ দাখিল কৰিছে।