লখিমপুৰ

গ্ৰাহকক প্ৰবঞ্চনাৰে লুণ্ঠন কৰা যোগানন্দ বৰগোঁহাই আৰক্ষীৰ জালত

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : দৰিদ্ৰ খাটি খোৱা ৰাইজক পনবন্দী কৰি শ্ৰমজীৱী ৰাইজৰ উপাৰ্জিত ধন গোগ্ৰাসে উদৰস্থ কৰা সীমাহীন ঠগ প্ৰবঞ্চকেৰে ভৰি পৰিছে ঢকুৱাখনা । প্ৰলোভনেৰে শ্ৰমজীৱী ৰাইজৰ সঞ্চিত পুঁজিলৈ লুলুপ দৃষ্টি দি এইবাৰ আৰক্ষীৰ জালত পৰিছে এজন প্ৰবঞ্চক । তেঁওৰ নাম যোগানন্দ বৰগোঁহাই ।

ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁৱৰ যোগানন্দই এইবাৰ ঢকুৱাখনা নগৰৰ একাংশ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীক লক্ষ্য কৰি পেলাইছিল লুণ্ঠনৰ নিকৃষ্ট জাল। অভিযোগ অনুসৰি এইজন খকুৱা যুৱকে থলুৱা উদ্যোগী ব্যৱসায়ীসকলক দুদিন পাছতে মুঠ ৯০ হাজাৰ টকা ঋণ দিয়াৰ প্ৰলোভনেৰে প্ৰ-পত্ৰ প্ৰদান কৰি প্ৰতিগৰাকী ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিছিল মুঠ ১ হাজাৰকৈ কমিচন।

সোণালী নিধি লিমিটেড নামৰ এটা স্বয়ম্ভূ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ দিয়াৰ প্ৰলোভনেৰে ব্যৱসায়ীসকলৰ পৰা ১হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল। প্ৰতিগৰাকী ব্যৱসায়ীক নগদ ৯০ হাজাৰকৈ টকা ঋণৰ টোপ দি কমিচন সংগ্ৰহ কৰাৰ নামত বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰিছিল ।

শুকুৰবাৰে বিয়লি ধৃত লোকজনে একাংশ ব্যৱসায়ীৰ মাজত উপস্থিত হৈ গ্ৰাহক বিচাৰি গৈ একাউণ্ট নম্বৰ দিয়াত পোহৰলৈ আহে দুষ্কাৰ্য। একেটা একাউণ্ট নম্বৰকে দুজনকৈ গ্ৰাহকক আদায় দিয়াত সন্দেহ হোৱাত কমিচনভোগী যুৱকজনক জেৰা কৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহে।

গ্ৰাহক-ৰাইজৰ সন্দেহ হোৱাত উক্ত ঘটনা সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীক অৱগত কৰে ভুক্তভোগীয়ে । পাছত ঢকুৱাখনা আৰক্ষীয়ে গৈ প্ৰৱঞ্চক যোগানন্দক থানালৈ আনে।

জানিব পৰা মতে ভুক্তভোগী গ্ৰাহকসকলে ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰিছে। থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলক লুটি পুতি খাবলৈ পাং পতা এইজন প্ৰবঞ্চক পূৰ্বে এনে দেধাৰ দুষ্কাৰ্যত জড়িত থকাৰো অভিযোগ আছে ।