ঢকুৱাখনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাটমুগা বস্ত্ৰ উদ্যোগৰ শুভ উদ্বোধনী... 
লখিমপুৰ

ঢকুৱাখনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাটমুগা বস্ত্ৰ উদ্যোগৰ শুভ উদ্বোধনী...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাৰ্গ দৰ্শনৰ লগতে অপূৰ্ব সৃষ্টিৰাজীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এক সৰ্বজন সমাদৃত আধ্যাত্মিক অনুষ্ঠান  শ্ৰীমন্ত শংকৰদেৱ সংঘ। আধ্যত্মিক চিন্তা চেতনাৰে সমৃদ্ধ পৰিশীলিত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গঠিত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় গণতান্ত্ৰিক অনুষ্ঠান এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত শেহতীয়াভাবে আৰম্ভ হৈছে স্বনিয়োজন আৰু আত্মনির্ভৰশীলতাৰ এক সুপৰিকল্পিত অভিযান।

সংঘৰ পৃষ্ঠপোষকতাত ২০১৫ চনতে আত্মপ্ৰকাশ কৰা "থ্ৰীফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ চ'চাইটি লিমিটেড" ৰ উদ্যোগত ইতিমধ্যে ৰাজ্যখনত ২৬ টা শাখা মুকলি কৰি প্ৰায়  ১৪৭ গৰাকী সক্ৰিয় এজেন্ট নিয়োগেৰে মুঠ ১২১টা আই মাতৃ কল্যাণ গোট গঠন কৰি নিজস্ব লক্ষ্যত উপবিষ্ট হ'বলৈ সক্ষম হৈছে।

ইতিমধ্যে চচাইটিৰ পঞ্জীভূত মুঠ ৬১ টা গোটক প্ৰায় ১ কোটি ২০ লাখ টকাৰ আৰ্থিক ঋণ প্ৰদান কৰাৰ উপৰিও বিগত সময়চোৱাত চচাইটিয়ে স্বচ্ছতাৰে প্ৰায় ২০ কোটি টকাৰ বিত্তীয় লেনদেন কৰিবলৈ সক্ষম হৈছে। ঢকুৱাখনাত এই মন্তব্য কৰে  চচাইটিটোৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই ।

সংঘৰ ঢকুৱাখনা জিলা নামঘৰ প্ৰাঙ্গনত মঙলবাৰে অনুষ্ঠিত এক উন্মোচনী সভাত এই মন্তব্য কৰে সংঘৰ একনিষ্ঠ সেৱক তথা অধ্যক্ষগৰাকীয়ে। সংঘৰ ঢকুৱাখনা জিলা  শাখাৰ অধীনত চচাইটিৰ দ্বাৰা পৰিচালিত নৱনির্মিত "পাট মুগা বস্ত্ৰ উদ্যোগ"এটাৰ দ্বাৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই চচাইটিটোৰ মুৰব্বীগৰাকীয়ে।

চচাইটিৰ দ্বাৰা পৰিচালিত প্ৰথমটো পাট মুগা বস্ত্ৰ উদ্যোগৰ শুভ উন্মোচন কৰে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। প্ৰাৰম্ভিক পৰ্য্যায়ত জিলা শাখাৰ অন্তৰ্গত বৰপাত্ৰ গাঁৱত মুঠ ৪ খন তাঁত শালৰে উদ্বোধিত এই বস্ত্ৰ উদ্যোগটোৰ শুভ উদ্বোধনী অনুষ্ঠানৰ সতে সংগতি ৰাখি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে চচাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই।

ঢকুৱাখনা শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত শ্ৰুতিমধুৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰা সভাত মুখ্য অতিথি হিচাবে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, সন্মানীয় অতিথি হিচাবে সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, বিশিষ্ট অতিথি হিচাবে লখিমপুৰ জিলা হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ কনিষ্ঠ হিচাব পৰীক্ষক আৰু পৰিদৰ্শক অজয় দলে, মীৰা দেৱী, সংস্কৃতি শাখা সমিতিৰ সভাপতি পৱিত্ৰ প্ৰাণ বৰা, সংঘৰ একনিষ্ঠ সেৱক পূৰ্ণানন্দ গগৈ, টংকেশ্বৰ গোঁহাই, সঞ্জীৱ বৰুৱা, মোহন শইকীয়া, বলোৰাম দত্ত, থানেশ্বৰ বৰা, নৰ ফুকন,বগেন কোচ, কিৰণ বৰুৱা, নক্ষ গগৈ, দেৱ কুমাৰ গগৈ, সতীশ বৰুৱা, মোহন দাস, প্ৰাঞ্জল প্ৰতীম ফুকন, সুখেশ্বৰ শইকীয়া, প্ৰফুল্ল কোঁৱৰ আদি গৰিষ্ঠ সংখ্যক আই বাপ সমস্ত উপস্থিত থাকে।

চচাইটিৰ পৰিচালন সঞ্চালক মমতা কাকতিয়ে জনোৱা মতে নগাঁও জিলাৰ সৰা গাঁৱত চচাইটিৰ ২ বিঘা নিজা মাটিত প্ৰথমটো উৎপাদনী গোট ডিছ পাত, কাগজৰ কাপ, বাতি, ধূপ আদিৰ উদ্যোগ স্থাপন কৰা হৈছে। ইতিমধ্যে ব্যৱসায়িকভাৱে ব্যাপক সফলতা আৰু আশাব্যঞ্জক লাভ অর্জন কৰিবলৈ সক্ষম হোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৰঙিয়া অধিবেশনৰ আটাইকেইটা দিনত ব্যৱহৃত এনেবোৰ সামগ্ৰী কেৱল সংঘৰ এই উৎপাদনী গোটৰ পৰা এককভাবে যোগান ধৰা হ'ব বুলি প্ৰত্যয়েৰে জনালে ।

ঢকুৱাখনাত স্থাপিত চচাইটিৰ দ্বিতীয়তো নিজস্ব উৎপাদনী গোট তথা ৰাজ্যখনৰ প্ৰথমটো বস্ত্ৰ উদ্যোগৰ জৰিয়তে বৰমুগা,এড়ি মুগা,পাটৰ পৰা প্ৰস্তুত হোৱা সকলো বস্ত্ৰ সম্ভাৰ উৎপাদন কৰা হ'ব বুলি কৈ নিভাঁজ, পৰিশুদ্ধ, নিৰ্ভেজাল আৰু নিখুঁত বস্ত্ৰ উৎপাদন কৰি চচাইটিৰ কৰ্মঠ অংশীদাৰীসকলৰ আৰ্থিক স্বাৱলম্বনৰ লগতে অসমীয়া জাতীয় সমাজ জীৱনৰ অংগাংগীভাবে সম্পৃক্ত পৰম্পৰাগত বয়ন শিল্পটোক অধিক উজ্জীৱিত কৰাৰ বাবে এনে প্ৰয়াস গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।