শান্তিৰ বাণী বিলাই অযোধ্যাৰ ৰাম মন্দিৰলৈ পদযাত্ৰা ঘিলামৰাৰ জিন্টু বৰুৱাৰ... 
লখিমপুৰ

শান্তিৰ বাণী বিলাই অযোধ্যাৰ ৰাম মন্দিৰলৈ পদযাত্ৰা ঘিলামৰাৰ জিন্টু বৰুৱাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: এগৰাকী প্ৰচণ্ড উদ্যমী আৰু প্ৰত্যয়ী যুৱক। নিজস্ব সাধনা আৰু একাগ্ৰতাৰে ব্যতিক্ৰমী আৰু দুঃসাহসিক কিবা এটা কৰাৰ নিৰন্তৰ হাৰত ব্ৰতী তেওঁ। বিগত সময়ত ঘিলামৰাৰ পৰা সুদূৰ কেডাৰনাথ ধামলৈ এটা ২৯ দিনীয়া যাত্ৰা সফল সামৰণি মাৰি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁ।

এইবাৰ এইগৰাকী দুৰন্ত যুৱক ওলাইছে অযোধ্যা ধামলৈ। কিন্তু কোনো ধৰণৰ চাইকেল কিম্বা বাহনেৰে নহয় । ঘিলামৰাৰ এইগৰাকী দুৰন্ত তৰুণ ওলাইছে পদব্ৰজে অযোধ্যা ধাম দৰ্শনৰ উদ্দেশ্যেৰে ।

যুৱকজনৰ নাম জিন্টু বৰুৱা ।ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ মিন্টু বৰুৱা আৰু ৰঞ্জুমণি বৰুৱাৰ সুপুত্ৰ তেওঁ । বিগত কেডাৰনাথ যাত্ৰা সময়ৰ আৰ্জিত অভিজ্ঞতাৰে সমৃদ্ধ জিন্টুৱে এইবাৰ যাত্ৰা আৰম্ভ কৰিছে অযোধ্যাৰ পৰা অমৰনাথ, বদ্ৰীনাথ হৈ লাদাখলৈ বুলি পদযাত্রা ।

প্ৰায় ৬ মাহ জোৰা সেই মহান লক্ষ্যৰে বোধবাৰে পুৱা জিন্টুৱে এই যাত্ৰা আৰম্ভ কৰিছে স্ব-গৃহভূমি ঘিলামৰাৰ পৰা। ঘিলামৰাৰ অজস্ৰ গুণমুগ্ধ আৰু শুভাকাংক্ষীৰ শুভাশীষ গ্ৰহণ কৰি লক্ষ্য স্থানলৈ বুলি বোধবাৰে পদযাত্ৰা শুভাৰম্ভ কৰা যুৱকজনক "টীম ঘিলামৰা"ৰ কৰ্মকর্তাসকলে অভিনন্দন জনাই কিছুদূৰ সহযোগিতা আগবঢ়াই।

ঐক্য শান্তি আৰু প্ৰগতিৰ মন্ত্ৰেৰে দীক্ষিত হোৱাৰ আহ্বানেৰে পদযাত্ৰা আৰম্ভ কৰা যুৱক জিন্টুৱে ইস্পিত লক্ষ্যত উপনিত হওক তাকেই কামনা কৰিছে ঘিলামৰাবাসীয়ে।