লখিমপুৰ

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিবেশনৰ প্ৰস্তুতি

অহা ৭ মে'ত এদিনীয়া কাৰ্যসূচীৰে নাওবৈছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিবেশনৰ প্ৰস্তুতি। লখিমপুৰ জিলাৰ সংবাদ পত্ৰ আৰু বৈদ্যুতিন সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ উমৈহতীয়া আৰু একক শক্তিশালী মঞ্চ লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ দ্বিবাৰ্ষিক অধিবেশনখন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।

জিলাখনৰ গৰিষ্ঠ সংখ্যক প্ৰেছ ক্লাব আৰু প্ৰেছ গীল্ডক সামৰি গঠিত জিলা সাংবাদিক সংস্থাৰ দ্বিবাৰ্ষিক অধিবেশনখন জিলাখনৰ নাওবৈছা প্ৰেছ ক্লাবৰ আতিথ্যত অহা ৭ মে'ত এদিনীয়া কাৰ্যসূচীৰে নাওবৈছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ  ব্যাপক প্ৰস্তুতি ।

এই সন্দৰ্ভত ইতিমধ্যে টিকেন্দ্ৰজিত বৰুৱাক সভাপতি ,পুলক বৰাক কাৰ্যকৰী সভাপতি, নিতুল বৰা ,অঞ্জন উপাধ্যায়ক মুখ্য সম্পাদক হিচাবে লৈ গঠিত আদৰণি সমিতিখনে সন্তোষজনক অগ্ৰগতি লাভ কৰিছে। অহা ৭ মে'ৰ পুৱা অধিবেশনৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব জিলা সংস্থাৰ সভাপতি কুমুদ বৰুৱাই।

ইয়াৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব জিলা সংস্থাৰ সম্পাদক মনোজ বৰপাত্ৰ গোঁহায়ে। পৰৱৰ্তী সময়ত প্ৰতিনিধি পঞ্জীয়ন কাৰ্যসূচী আৰম্ভ হোৱাৰ সমান্তৰাল ভাৱে প্ৰতিনিধি ও বিষয় বাচনি সভা উদ্বোধন কৰিব সৰ্বভাৰতীয়  বার্তাজীৱী মহাসংঘৰ প্ৰাক্তন  সদস্য তথা লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি সুৰজিত ভূঞাই। 

জানিবলৈ দিয়া মতে অসম বার্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক কিশোৰ জ্যোতি শৰ্মাই পৰ্যবেশক হিচাবে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিনিধি সভাৰ পাছত অনুষ্ঠিত হ'ব মুকলি সভা । প্ৰবীণ শিক্ষাবিদ , নাওবৈছা মহাবিদ্যালয়ৰ  অধ্যক্ষ ডঃ গুণীন্দ্ৰ নাথ শৰ্মাই উদ্বোধন কৰিবলগা মুকলি সভাত বিশিষ্ট চিন্তাবিদ, বার্তাজীৱী সংঘৰ প্ৰাক্তন সম্পাদক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই মুখ্য অতিথি হিচাবে,অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে বিশিষ্ট বক্তা হিচাবে মুকলি সভাত উপস্থিত থাকিব। 

সভাতেই অধিবেশন উপলক্ষত আদৰণি সমিতিয়ে মনোজ বৰপাত্ৰ গোঁহাইৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা জিলা সংস্থাৰ মুখপত্ৰ "বেদনিধি"ৰ শুভ উন্মোচন কৰিব লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াই আৰু বার্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি কেশৱ কলিতা ৰচিত "সাংবাদিক-অসাংবাদিক" শীৰ্ষক গ্ৰন্থৰ দ্বিতীয় খণ্ড উন্মোচন কৰিব জিলা সংস্থাৰ প্ৰাক্তন সম্পাদক শৈলেন বৰুৱাই।

মুকলি সভাত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাবে অসম বার্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি কেশৱ কলিতা,সংঘৰ বৰ্তমানৰ  সভাপতি টুটুমণি  ফুকন, সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা আৰু বহু কেইগৰাকী শীর্ষ প্ৰশাসনীয় বিষয়াই আৰু আমন্ত্ৰিত অতিথি হিচাবে জিলাখনৰ  বহু সংখ্যক শিক্ষাবিদ,শিক্ষা বিষয়া আৰু সমাজহিতৈষী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি অধিবেশনৰ আদৰণি সমিতিৰ মুখ্য সম্পাদকদ্বয় মনোজ বৰপাত্ৰ গোঁহাই আৰু অঞ্জন উপাধ্যায়ে জানিবলৈ দিয়ে।

আদৰণি সমিতিয়ে জিলা অধিবেশনখন সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ বাবে সৰ্বশ্ৰেণী ৰাইজ , শুভাকাংক্ষীৰ লগতে সংগঠনসমূহৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।