'মা বিহীন ঘৰ নহওঁক,ঘৰ বিহীন মা নহওঁক' শ্লোগানেৰে উদযাপিত 'মা' অনুষ্ঠান... 
লখিমপুৰ

'মা বিহীন ঘৰ নহওঁক,ঘৰ বিহীন মা নহওঁক' শ্লোগানেৰে উদযাপিত 'মা' অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ লখিমপুৰঃ 'মা বিহীন ঘৰ নহওঁক,ঘৰ বিহীন মা নহওঁক' এই শ্লোগানেৰে উদযাপিত হ'ল ২৪৮সংখ্যক 'মা' অনুষ্ঠান। বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি অৱহেলা আৰু পৰিয়ালৰ স্নেহ বঞ্চিত মাতৃৰ অৱহেলা ৰোধ কৰাৰ সজাগতা শীৰ্ষক মা’ সেৱা অনুষ্ঠান লখিমপুৰৰ আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান দীৰ্ঘা মাজগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় ।

লখিমপুৰৰ সমাজ হিতৈষী গোবিন বৰদলৈয়ে একক প্ৰচেষ্টাৰে সময়ে সময়ে অসমৰ ভিন্ন প্ৰান্তত এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।এই মা অনুষ্ঠানত গোবিন বৰদলৈয়ে বৃহত্তৰ চিয়াজুলি অঞ্চলৰ ৭০ গৰাকী আই মাতৃক এসাজ অংগ বস্ত্ৰৰে সেৱা লোৱাৰ লগতে জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে।

আধুনিক সমাজ ব্যৱস্থাত গঢ় লৈ উঠা বৃদ্ধাশ্ৰম নামৰ এই শব্দটো অভিশাপ বুলি উল্লেখ কৰে গোবিন বৰদলৈয়ে।