লখিমপুৰ

মেট্ৰিক পৰীক্ষাৰ্থীক মহাপুৰুষীয়া সত্ৰ সমাজৰ শিক্ষণ সামগ্ৰী প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সাম্প্ৰতিক প্ৰেক্ষাপটত এগৰাকী বৃত্তিমুখী ব্যক্তিত্বৰ অধিকাৰী হোৱাতকৈ এগৰাকী প্রকৃত সৎ আদৰ্শবান আৰু উৎকৃষ্ট মানৱ সম্পদ হোৱাৰ আশীৰ্বাদ দিয়াৰ এক আধ্যাত্মিক সুস্থ পৰম্পৰা সম্পন্ন হৈছে ঢকুৱাখনাত । মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত বুধবাৰে সত্ৰ সমাজৰ এটা ভকত বৈষ্ণবৰ দলে মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ ১১খন খেল সত্ৰৰ অন্তৰ্গত মুঠ ৪৪ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ স্তুতি প্ৰাৰ্থনাৰে প্ৰাৰ্থী সকলক শুভেচ্ছামূলক আশীৰ্বাদ দিয়াৰ লগতে পৰীক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ লিখন সামগ্ৰী প্ৰদান কৰে ।

মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি ঘনকান্ত শইকীয়া , প্ৰাক্তন জিলা সভাপতি অনন্ত কুমাৰ দত্ত, সম্পাদক দিপুল শইকীয়া, কাৰ্যকৰী সভাপতি পুতুল কোচ , সাংগঠনিক সম্পাদক দেবেন শইকীয়া , ৰাজ্যিক সদস্য ইন্দ্ৰ গগৈ , জিলা সদস্য তীৰ্থ শইকীয়া ,জয় গগৈ, আঞ্চলিক সভাপতি ৰুদ্ৰ তামুলী আদি ভক্তপ্ৰাণ উপস্থিত থাকি শুভেচ্ছা জনাই আৰু শৈক্ষিক জীৱনৰ সমুজ্জল ভৱিষ্যত আৰু ইস্পিত সফলতা কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।